‘শুশ্ৰূষা সেতু’ ডিব্ৰুগড়ত স্বাস্থ্য সেৱাৰ নতুন দিগন্ত
২৫ হাজাৰো অধিক ৰাইজ উপকৃত
চাইন অন ডেস্ক,
৩০জুলাই: স্বাস্থ্যই জীৱনৰ মূল ভেটি আৰু সুস্থ প্ৰজন্মই এখন উন্নত সমাজ আৰু ৰাষ্ট্ৰৰ আধাৰ। এই দৃঢ় বিশ্বাসক সাৰোগত কৰি অসম চৰকাৰৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য সেৱাক ৰাইজৰ দুৱাৰলৈ লৈ যোৱাৰ সংকল্পৰে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছিল “শুশ্ৰূষা সেতু” নামৰ এক অভিনৱ কাৰ্যসূচী। জিলাখনৰ সকলো বিধানসভা সমষ্টিত ৰূপায়িত এই ‘শুশ্ৰূষা সেতু’ বৰ্তমান ডিব্ৰুগড়ৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। “শুশ্ৰূষা সেতু” মূলতঃ তিনি পৰ্যায়ত জিলাখনত ৰূপায়ণ কৰা হৈছিল। প্ৰথম পৰ্যায়ত বিগত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ডিব্ৰুগড় জিলাৰ ছয়টা বিধানসভা সমষ্টিত শিশু, কিশোৰ-কিশোৰী আৰু সাধাৰণ ৰাইজক ঘৰ ওচৰতে বিশেষজ্ঞ চিকিৎসকৰ সেৱা, নিদানমূলক পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদানৰ উদ্দেশ্যে বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্ত্ৰী আৰু প্ৰসূতি, শিশু ৰোগ, চকু, অস্থি, হৃদৰোগ, দাঁত, কাণ-নাক-ডিঙি, ছাল-চুলি, ছাৰ্জাৰী আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকে এই শিবিৰসমূহত উপস্থিত থাকি ৰোগীসকলক পৰীক্ষা কৰাৰ লগতে ৰক্তচাপ, মধুমেহ ,CBC, ECG,অ’ৰেল কেন্সাৰ আদি পৰীক্ষাও শিবিৰতে সম্পন্ন কৰা হয়। লগতে কাউন্সেলিং, স্বাস্থ্য সজাগতা, আয়ুষ্মান ভাৰত কাৰ্ড, আভা আই ডি, দিব্যাংগতাৰ প্ৰমাণপত্ৰ আৰু অন্যান্য চৰকাৰী আঁচনিৰ নাম পঞ্জীয়নৰ বাবে বিশেষ কাউণ্টাৰ স্থাপন কৰা হয়। শুশ্ৰূষা সেতুৰ প্ৰথম পৰ্যায়তেই জিলাখনৰ ২৫,৬৩২ ৰাইজ প্ৰত্যক্ষভাৱে উপকৃত হয় আৰু বহু দীৰ্ঘদিনীয়া ৰোগীক সময়মতে চিকিৎসাৰ আওতালৈ অনা সম্ভৱ হয়।
প্ৰথম পৰ্যায়ত চিনাক্ত হোৱা জটিল আৰু অধিক চিকিৎসাৰ প্ৰয়োজন থকা ৰোগীসকলৰ বাবে শুশ্ৰূষা সেতুৰ অধীনত নৱেম্বৰ মাহত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত দ্বিতীয় পৰ্যায়ৰ Referral শিবিৰ
কেইবা দিনীয়াকৈ আয়োজন কৰা হয়। এই ৰেফাৰেল শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত বহু ৰোগীৰ সফল অস্ত্ৰোপচাৰ আৰু চিকিৎসা সম্পন্ন কৰা হয়। শুশ্ৰূষা সেতুৰ তৃতীয় পৰ্যায়ত Referral Camp-তো সম্পূৰ্ণ চিকিৎসা সম্ভৱ নোহোৱা ৰোগীসকলৰ চিকিৎসাও অব্যাহত ৰাখি সুস্থ কৰি তোলাৰ বাবে যাৱতীয় ব্যৱস্থাপনা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে জিলা আৰু ৰাজ্যৰ বাহিৰৰ উন্নত চিকিৎসালয়লৈ ৰোগীসকলক প্ৰেৰণ কৰিও চিকিৎসাৰ ব্যৱস্থা কৰা হয়। এইদৰে তিনিওটা পৰ্যায়ৰ জৰিয়তে ‘শুশ্ৰূষা সেতু’য়ে ডিব্ৰুগড় জিলাত চিকিৎসা সেৱাক এক নিৰৱচ্ছিন্ন শিকলিৰ দৰে ৰাইজৰ ওচৰলৈ লৈ আহিবলৈ সক্ষম হয়।
“শুশ্ৰূষা সেতু”ৰ অন্তৰ্গত বিধানসভা ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰসমূহ সকলো বয়সৰ লোকৰ বাবে মুকলি কৰা হৈছিল যদিও ইয়াত জন্মৰ পৰা ঊনৈশ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাপনাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল। শুশ্ৰূষা সেতুৰ জৰিয়তে জিলাখনৰ বিভিন্ন বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ স্বাস্থ্য শিবিৰৰ জৰিয়তে স্বাস্থ্য জটিলতা থকা মুঠ ১০৬০ গৰাকী শিশু চিনাক্ত কৰা হৈছিল আৰু তেওঁলোকক পৰৱৰ্তী উন্নত চিকিৎসাৰ বাবে দ্বিতীয় পৰ্যায়ৰ ৰেফাৰেল কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে ৩০ গৰাকী জন্মগত হৃদৰোগী শিশুৰ
সফলতাৰে অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ শিবিৰসমূহত ধৰা পৰা ১৯ গৰাকী ওঁঠ ফটা আৰু তালু ফটা শিশুৰ ভিতৰত সোতৰ গৰাকীৰ গুৱাহাটীৰ মিছন স্মাইল হাস্পতালত বিভাগৰ সহযোগত ইতিমধ্যে অস্ত্ৰোপচাৰ কৰোৱা হৈছে। শ্ৰৱণ শক্তিৰ দুৰ্বলতাত আক্ৰান্ত ১৭১ গৰাকী শিশুৰ ভিতৰত ৮০ গৰাকীক দীনদয়াল উপাধ্যায় শ্ৰৱণ ফাউণ্ডেশ্যনৰ সহযোগত ডিব্ৰুগড় স্বাস্থ্য বিভাগে ইতিমধ্যে বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰিছে। দৃষ্টি শক্তিৰ দুৰ্বলতা আৰু জন্মগত মণি ৰোগত আক্ৰান্ত ৭৬ গৰাকী শিশুক ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিনামূলীয়া চশমা প্ৰদান কৰাৰ লগতে যাৱতীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। বাক্ আৰু ভাষাৰ পলম থকা ৮ গৰাকী শিশুক জিলা আৰম্ভিক হস্তক্ষেপ কেন্দ্ৰ ( DEIC) ত স্পিচ থেৰাপিৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হৈ আছে। ১৭ গৰাকী অটিজিমত ভোগা শিশুকো DEIC-ত মনোবিজ্ঞানী আৰু অকুপেশ্যনেল থেৰাপিষ্টৰ দ্বাৰা চিকিৎসা কৰোৱা হৈ আছে। একেদৰে, প্ৰথম পৰ্যায়ৰ শিবিৰসমূহত চিনাক্ত কৰা ৫৯ গৰাকী চেৰিব্ৰেল পেলছি থকা শিশুক চিকিৎসা প্ৰদান কৰা হৈছে আৰু বৰ্তমান DEIC-ত তেওঁলোকৰ নিয়মীয়া ফ’ল’আপ চলি আছে। একেদৰে, অস্থিমজ্জা প্ৰতিস্থাপনৰ প্ৰয়োজন হোৱা ২১ গৰাকী শিশুৰ ভিতৰত ২০ গৰাকীৰ প্ৰাথমিক চিকিৎসা চলি আছে আৰু তেওঁলোকক পৰৱৰ্তী অস্থিমজ্জা
প্ৰতিস্থাপনৰ বাবে প্ৰস্তুত কৰা হৈ আছে। দাঁতৰ সমস্যা, ছালৰ ৰোগ আদিৰ দৰে আন স্বাস্থ্যজনিত সমস্যা থকা ৬৫৯ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীক প্ৰয়োজনীয় ঔষধ, ফিজিঅ’থেৰাপি আৰু চিকিৎসকৰ নিদানৰ জৰিয়তে ইতিমধ্যে চিকিৎসা প্ৰদান কৰা হৈছে। একেদৰে মানসিক পৰামৰ্শৰ প্ৰয়োজন হোৱা কিশোৰ-কিশোৰীসকলক Adolescents Friendly Health Clinic-ৰ জৰিয়তে কাউন্সেলাৰ দ্বাৰা উপযুক্ত কাউন্সেলিং প্ৰদান কৰা হৈছে।
এইদৰেই, স্বাস্থ্য বিভাগৰ অভিলাষী কাৰ্যক্ৰম “শুশ্ৰূষা সেতু”ৰ জৰিয়তে ডিব্ৰুগড় জিলাত শিশু আৰু কিশোৰ-কিশোৰীয়ে নতুন জীৱন আৰু আশাৰ সন্ধান পাইছে। নামৰ আক্ষৰিক অৰ্থৰ দৰেই “শুশ্ৰূষা সেতু” চিকিৎসা সেৱা আৰু ৰাইজৰ মাজত এখন দলং ৰূপে পৰিগণিত হৈছে। ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে এই দলঙৰ জৰিয়তে চিকিৎসা আৰু স্বাস্থ্য সেৱাক জনতাৰ অধিক কাষলৈ লৈ যাবলৈ সক্ষম হৈছে। বিশেষকৈ, ভৱিষ্যতৰ কাণ্ডাৰী শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই বিশেষ পদক্ষেপে বিভাগৰ দূৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিছে। আগন্তুক দিনতো চিকিৎসা সেৱাৰ বিকেন্দ্ৰীকৰণ আৰু সহজ উপলব্ধতাৰ এই ধাৰা অব্যাহত ৰাখি ডিব্ৰুগড় জিলাক এখন সুস্থ, সবল আৰু নিৰোগী জিলা হিচাপে গঢ়ি তোলাৰ দৃঢ় প্ৰতিশ্ৰুতি স্বাস্থ্য বিভাগে পুনৰ ব্যক্ত কৰিছে। ‘শুশ্ৰূষা সেতু’ৰ এই সাফল্যই নিশ্চিতভাৱে ৰাইজৰ মনত আস্থাৰ সঞ্চাৰ কৰাৰ লগতে ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ প্ৰতি থকা বিশ্বাসক আৰু অধিক দৃঢ় কৰিছে বুলিও ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আশাবাদী।