...

ভাৰতীয় ৰেল মন্ত্ৰী বৈষ্ণৱক সাক্ষাৎ ডিব্ৰুগড়ৰ উপ-মেয়ৰ উজ্জ্বল ফুকন

ভাৰতীয় ৰেল মন্ত্ৰী বৈষ্ণৱক সাক্ষাৎ ডিব্ৰুগড়ৰ উপ-মেয়ৰ উজ্জ্বল ফুকন

ৰেলৱে ষ্টেচনত মাল্টি বিল্ডিং পাৰ্কিং সুবিধা নিৰ্মাণৰ প্ৰস্তাৱ

চাইন অন ডেস্ক,৩০জুলাই:

ডিব্ৰুগড় মহানগৰত ক্ৰমাৎ বৃদ্ধি পোৱা পাৰ্কিং সমস্যা সমাধানৰ উদ্দেশ্যে ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকনে কালি নতুন দিল্লীত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি এক প্ৰস্তাৱ দাখিল কৰে। এই প্ৰস্তাৱত ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন চৌহদৰ ভিতৰত এটা বহুতল বিশিষ্ট গাড়ী পাৰ্কিং সুবিধা নিৰ্মাণৰ বাবে অনুৰোধ জনোৱা হৈছে।দেশৰ ৰাজধানীত অনুষ্ঠিত এক বৈঠকত উপস্থাপন কৰা এই প্ৰস্তাৱত ডিব্ৰুগড় চহৰৰ হৃদপৃণ্ড
স্বৰূপ পুৰণি ৰেলৱে কাৰ শ্বেডৰ ওচৰত এই সুবিধা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ব্যক্তিগত বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত চহৰখনত তীব্ৰ পাৰ্কিং সমস্যা আৰু যান-জঁটৰ সৃষ্টি হোৱা বুলি ফুকনে মন্ত্ৰীগৰাকীক অৱগত কৰে।
ফুকনে কয়, ‘ডিব্ৰুগড়ে বছৰ বছৰ ধৰি তীব্ৰ পাৰ্কিং অভাৱৰ সন্মুখীন হৈ আহিছে আৰু চহৰখন সম্প্ৰসাৰিত হোৱাৰ লগে লগে এই সমস্যা অধিক জটিল হৈ পৰিছে। ৰেলৱে ষ্টেচনত এটা সুকীয়া বহুতল পাৰ্কিং ব্যৱস্থাই পথৰ কাষৰ পাৰ্কিং হ্ৰাস কৰিব, যান-বাহনৰ চলাচল সূচল কৰিব আৰু যাত্ৰী তথা দৰ্শনাৰ্থীসকলক যথেষ্ট সুবিধা প্ৰদান কৰিব।’
উপ-মেয়ৰগৰাকীৰ প্ৰস্তাৱত ভাৰতীয় ৰেলৱে আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মাজত ৬০:৪০ ৰাজহ-অংশগ্ৰহণৰ আৰ্হিৰ ৰূপৰেখা দাঙি ধৰা হৈছে। তেওঁ কয় যে এই ব্যৱস্থাই ৰেলৱেৰ ভূমিৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ উপৰি কোনো এক পক্ষৰ ওপৰত অতিৰিক্ত বিত্তীয় বোজা নপৰাকৈ চহৰখনক জৰুৰী পৌৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় কৰিব।
প্ৰস্তাৱটোৰ সঁহাৰি জনাই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উজ্জ্বল ফুকনক আশ্বাস দিয়ে যে বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি চোৱা হ’ব।যদিহে ইয়াক অনুমোদন জনোৱা হয়, তেন্তে এই প্ৰকল্পই ডিব্ৰুগড়ৰ পাৰ্কিং সমস্যাৰ এক দীৰ্ঘম্যাাাদী সমাধান প্ৰদান কৰিব, চহৰখনৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ যান-বাহন ব্যৱস্থাপনা শক্তিশালী কৰিব আৰু উজনি অসমৰ অন্যতম দ্ৰুতবৰ্ধনশীল নগৰীয় কেন্দ্ৰ হিচাপে চহৰখনৰ সম্প্ৰসাৰিত পৌৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাক সহায় কৰিব।
অসমৰ প্ৰস্তাৱিত দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱে বিশেষ তাত্পৰ্য বহন কৰিছে। এই মৰ্যাদাই মহানগৰখনৰ পৌৰ আন্তঃগাঁথনি আৰু বৰ্ধিত মহা নগৰীয় চাহিদাৰ সৈতে খোজ মিলাই চলাই নিয়াৰ ক্ষমতাৰ ওপৰত মনোযোগ বৃদ্ধি কৰিছে। পৰ্যাপ্ত পাৰ্কিং সুবিধাৰ অভাৱ ক্ৰমাগত পৌৰ সমস্যাসমূহৰ অন্যতম হৈ পৰিছে। য’ত বাহনসমূহ প্ৰায়ে পথৰ কাষত আৰু বজাৰ অঞ্চললৈ ওলাই আহি ব্যস্ত সময়ত যান-জঁট অধিক ভয়াৱহ কৰি তোলে।
ডিব্ৰুগড়ৰ পৌৰ বিষয়াসকলে সূচল নগৰীয় যাতায়াতৰ বাবে সুসংগঠিত পাৰ্কিং আন্তঃগাঁথনিৰ অভাৱক এক প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি আহিছে। যদিহে ৰেল মন্ত্ৰালয়ে সেউজ সংকেত দিয়ে, তেন্তে প্ৰস্তাৱিত এই ব্যৱস্থাই মহানগৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *