...

এতিয়াও পৰিয়ালে চমজি লোৱা নাই ঘনকান্ত গগৈৰ মৃতদেহ

এতিয়াও পৰিয়ালে চমজি লোৱা নাই ঘনকান্ত গগৈৰ মৃতদেহ

ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ মৰ্গত ৰখা হৈছে মৃতদেহ

চাইন অন ডেস্ক,৪নৱেম্বৰঃ

গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত বিলাস ইন নামৰ হোটেলত সংঘটিত পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষাক লৈ অব্যাহত আছে অনিশ্চয়তা। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও বাতৰি লিখা পৰলৈকে পৰিয়ালৰ কোনো সদস্যই চমজি লোৱা নাই ঘনকান্তৰ মৃতদেহ।আজি সন্ধিয়া প্ৰায় ৬ বজাত ঘনকান্তৰ মৃতদেহ ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত উপস্থিত কৰোৱা হয়। তাৰ পৰা মৃতদেহটো অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গলৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমানো চিকিৎসালয়খনৰ মৰ্গতে ৰখা হৈছে মৃতদেহ।

ইফালে, বিয়লি ৩.৩০ বজাৰ পিছত AMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হব বুলি জানিব পৰা গৈছিল যদিও এই বাতৰি লিখা পৰ্যন্ত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে মৰণোত্তৰ পৰীক্ষা সন্দৰ্ভত আনুষ্ঠানিক যোগাযোগ কৰা হোৱা নাই। ফলত আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা ক্ষীণ।সেয়ে কাইলৈ পুৱা ১০ বজাৰ পিছতহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC) নিৰ্দেশনা অনুসৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সা-সুবিধা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপলব্ধ নথকাৰ কথা পোহৰলৈ অহাৰ পিছতে পৰীক্ষাস্থলী স্থানান্তৰৰ সিদ্ধান্ত লোৱা হয়। প্ৰথম অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তিনিজনীয়া চিকিৎসকৰ এটা দলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ AMCH আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক বিকল্প হিচাপে বিবেচনা কৰা হয়। ঘনকান্তৰ পৰিয়াল নাহৰকটীয়াত বাস কৰে বাবে অৱশেষত ডিব্ৰুগড়ৰ AMCH নিৰ্বাচন কৰা হয়।উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰঙমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত নিহত হয় ৩৪ বছৰীয়া ঘনকান্ত গগৈ। ২০২৪ চনত পাঞ্জাব নেচনেল বেংকৰ ঋণ জালিয়াতিৰ অভিযোগত ৰুজু হোৱা এটা পৃথক গোচৰৰ তদন্তৰ বাবে তেওঁক গুৱাহাটীৰ পৰা

শিৱসাগৰলৈ লৈ যোৱা হৈছিল।শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ ভাষ্য অনুসৰি, প্ৰস্ৰাৱ কৰাৰ বাবে ঘনকান্তই আৰক্ষীৰ বাহনখন ৰখাবলৈ অনুৰোধ জনাইছিল। আৰক্ষীয়ে তেওঁক বাহনৰ পৰা নমাৰ অনুমতি দিয়াৰ পিছতে তদন্তকাৰী বিষয়াৰ সেৱা পিষ্টল কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হয়। ইয়াকে লৈ আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয়। এই সংঘাতৰ সময়ত তিনিজাই গুলীচালনা কৰা হৈছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আন এগৰাকী আৰক্ষী জোৱানে আত্মৰক্ষাৰ বাবে ঘনকান্তলৈ গুলীচালনা কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। গুলীবিদ্ধ ঘনকান্তক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাত উপ-পৰিদৰ্শক দেবাশীষ শৰ্মাও আহত হয়। অৱশ্যে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।আনহাতে, ২৬ অক্টোবৰত গুৱাহাটীৰ বৰা চাৰ্ভিচ অঞ্চলৰ বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল ঘনকান্ত। উক্ত ঘটনাত এটা ব্যৱসায়ী পৰিয়ালৰ চাৰিজন সদস্যসহ মুঠ পাঁচজন লোক নিহত হোৱাৰ লগতে আন এজন লোক আহত হৈছিল। হোটেলখনৰ মালিক আৰু লীজ গ্ৰহণ কৰা ব্যক্তিজনৰ মাজত সম্পত্তিটোৰ পৰিচালনাক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল।
নিহতসকলক ভুদেৱ ভৰালী, নাৰায়ণ দাস, হেলেনা ভৰালী, দেবৰ্ষি কাশ্যপ আৰু ৰিণিকা কাশ্যপ বুলি চিনাক্ত কৰা হৈছিল। ঘটনাৰ পিছতে আৰক্ষীয়ে ঘনকান্তক গ্ৰেপ্তাৰ কৰিছিল। সাতদিনীয়া আৰক্ষী জিম্মাৰ অন্তত মঙলবাৰে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত শিৱসাগৰৰ পৃথক গোচৰটোৰ তদন্তৰ বাবে তেওঁক পুনৰ আৰক্ষীৰ জিম্মালৈ অনা হৈছিল।
এতিয়া AMCHত হ’বলগীয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ঘনকান্ত গগৈৰ মৃত্যুৰ পৰিস্থিতি সম্পৰ্কে অধিক তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *