মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰকাশ গিৰিৰ মাতৃৰ বিয়োগ
শোকৰ ছাঁ,অগণন লোকৰ উপস্থিতিত অন্তোষ্টিক্ৰিয়া সম্পন্ন
মিছামাৰী,২৮এপ্ৰিলঃ

গুৱাহাটীৰ এখন ব্যক্তি খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত কালিয়েই মিছামাৰীৰ ঘৰলৈ তেওঁৰ পাৰ্থিৱ শৰীৰ আনে ৷ উক্ত দুঃখবৰ বিয়পি পৰাৰ পাছত মৃতকৰ ঘৰত অগণন গুণমুগ্ধ ভৰি পৰে ৷ উল্লেখ্য যে যোৱা ২৪ তাৰিখে অঞ্চলটোৰ বাঁহবেৰা গাঁৱৰ সম্পৰ্কীয় এটা পৰিয়ালৰ ঘৰৰ পৰা বাইকত উঠি ঘৰলৈ ওভতাৰ পৰত হঠাৎ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈছিল আৰু পৰিয়ালৰ লোকে লগেলগে প্ৰথমে তেজপুৰৰ ব্যপ্তিষ্ট খ্ৰীষ্টান মিছন হাস্পতাল আৰু পাছত টাইমছ হাস্পতালত ভৰ্ত্তি কৰে ৷ কিন্তু দুয়োখন হাস্পতালত ৰোগী সুস্থ হৈ নুঠাত পাছত গুৱাহাটীৰ এখন ব্যক্তি খণ্ডৰ চিকিৎসালয়ত ৰোগীক ভৰ্ত্তি কৰে ৷ গুৱাহাটীৰ উক্ত চিকিৎসালয়ত চিকিৎসা চলি থকা সময়ত মিছামাৰী আঞ্চলিক আছুৰ সভাপতি প্ৰকাশ গিৰিৰ মাতৃ শেষ নিশ্বাস ত্যাগ কৰে ৷ উক্ত দুঃখবৰ বিয়পি পৰাৰ লগেলগে মিছামাৰী অঞ্চলত শোকৰ ছাঁ পৰে ৷ আজি পুৱাবেলা তেওঁৰ পাতিদৈ ভেৰেলা গাঁৱৰ বাসগৃহত অগণন গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ শোকাকুল পৰিৱেশত মিছামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে মৃত্যুৰ পাৰ্থিৱ শৰীৰত শেষ শ্ৰদ্ধা জনোৱাৰ উপৰি, মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন ভাগৱতী, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা স্থানীয় যুৱ সমাজকৰ্মী পৰাগসেন ডেকা, স্থানীয় বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সকলে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ৷ পাছত অগণন লোকৰ উপস্থিতিত স্থানীয় ঢেকীপেলোৱা গাঁৱৰ ৰাজহুৱা শ্মশানত প্ৰয়াত প্ৰমীলা গিৰিৰ পাৰ্থিৱ শৰীৰ শেষকৃত সম্পন্ন কৰে ৷ মৃত্যুৰ সময়ত তেখেত স্বামী, দুই পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, নাতিনীৰ লগতে অগণন গুণমুগ্ধ ইহসংসাৰত এৰি থৈ গৈছে ৷