...

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল

Spread the love

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল

ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

ধুবুৰী,২৮এপ্ৰিল:

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলি উঠিল ধুবুৰীৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলে। শিক্ষানুষ্ঠানখনৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হ’ল এশ শতাংশ। বিজ্ঞান শাখাত শিক্ষানুষ্ঠানখনৰ ৮১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সকলোৱে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ইয়াৰে ৭২ গৰাকীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক। আনহাতে, ক’লা শাখাত শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণৰ হাৰ হ’ল ৯১.৩৪%। শিক্ষানুষ্ঠানখনৰ ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে প্ৰথম বিভাগ, ৩০ গৰাকী দ্বিতীয় বিভাগত আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে, ৮৪ গৰাকীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক। উল্লেখ্য যে, এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ধুবুৰী জিলাত ক’লা শাখাৰ উত্তীৰ্ণৰ হাৰ হ’ল ৭২.৭৩%। আনহাতে, জিলাখনৰ বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমূলক (vocationsl) শাখাত উত্তীৰ্ণৰ হাৰ হ’ল ক্ৰমে ৬৮.২৩%, ৯০.০৮% আৰু ৯৫.৪১%।

Leave a Reply

Your email address will not be published. Required fields are marked *