এশ শতাংশ উত্তীৰ্ণৰে উজ্জ্বলিল পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল
উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা কৰ্তৃপক্ষৰ
চামগুৰি,২৮এপ্ৰিল:
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে সফলতাই উত্তীৰ্ণ হোৱাত আজি কনিষ্ঠ মহাবিদ্যালয় খনত আনন্দমুখৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷বিশেষকৈ গ্ৰামাঞ্চলৰ আৰ্থিকভাবে পিছপৰা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত শৈক্ষিক পৰিৱেশ প্ৰদানৰ বাবে ২০১৯ চনত স্থাপিত হোৱা পুৰণিগুদাম কলংপাৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় খনে বিগত বৰ্ষৰ দৰে এইবাৰো এশ শতাংশ ছাত্ৰছাত্ৰী উত্তীৰ্ণ হোৱাত স্থানীয় সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ৷ কনিষ্ঠ মহাবিদ্যালয় খনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫০ গৰাকী ছাত্ৰছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনৰ পৰা এই বাৰ ২৯ গৰাকীয়ে প্ৰথম বিভাগত ১৬ জনে দ্বিতীয় বিভাগত আৰু ৫ গৰাকীয়ে তৃতীয় বিভাগত লাভ কৰাৰ লগতে দেৱাশিস শইকীয়াই ৯১% শতাংশ আৰু ১০ গৰাকীয়ে ৭৫ % শতাংশ লাভ কৰি তথা সুখ্যাতিৰে উত্তীৰ্ণ হৈ কনিষ্ঠ মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনাত অধ্যক্ষ পবিত্ৰ বৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে আনন্দ প্ৰকাশ কৰিছে ৷ পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনে প্ৰথম পজিছন লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ আনহাতে আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনলৈ গৌৰৱ কঢ়িয়াই অনা মেধাবী ছাত্ৰ ছাত্ৰী সকলক কনিষ্ঠ মহাবিদ্যালয় খনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ গ্ৰামাঞ্চলত স্থাপিত হোৱা পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনে অনাগত দিনত বৃহত্তৰ পুৰণিগুদামলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি স্থানীয় সচেতন মহলে মতপ্ৰকাশ কৰিছে ৷