...

ডিব্ৰুগড়ত ৰে’লৱেৰ ৪ বিঘা ভূমিত হ’ব বহুমহলীয়া পার্কিং

ডিব্ৰুগড়ত ৰে’লৱেৰ ৪ বিঘা ভূমিত হ’ব বহুমহলীয়া পার্কিং

প্রস্তাবিত পার্কিং স্থানত প্রায় ১,০০০খন বাহন ৰখাৰ ব্যৱস্থা
ডিব্ৰুগড়বাসীলৈ অলপ সকাহ !

চাইন অন ডেস্ক,১৩আগষ্ট:

ডিব্ৰুগড়ত ক্রমবর্দ্ধমান তীব্র পার্কিং সমস্যা আৰু যান-জট নিৰাময়ৰ লক্ষ্যৰে মহানগৰখনৰ মাজমজিয়াত থকা(টাউন ৰেল ষ্টেচনৰ সমীপত) ৰে’ল বিভাগৰ প্ৰায় ৪ বিঘা অব্যবহৃত ভূমিত বহুমহলীয়া পার্কিং নির্মাণৰ প্রক্রিয়াই অগ্রগতি লাভ কৰিছে। প্রস্তাবিত স্থানডোখৰ ডিব্ৰুগড় পৌৰ নিগম আৰু ৰে’ল বিভাগৰ বিষয়াসকলে যৌথভাৱে পৰিদৰ্শন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন, আয়ুক্ত শিৱানী জেবংগল আৰু ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ৰে’লবে বজাৰৰ সমীপৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। উপ-মেয়ৰ উজ্জ্বল ফুকনে জানিবলৈ দিয়া মতে, প্রস্তাবিত পার্কিং স্থানত প্রায় ১,০০০খন বাহন ৰখাৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰে ৫০০খন দুচকীয়া আৰু ৫০০খন চাৰিচকীয়া বাহন থাকিব। স্থান পৰিদৰ্শনৰ পাছত ডিব্ৰুগড় জিলা আযুক্ত বিক্রম কৈৰীৰ মধ্যস্থতাত জিলা আযুক্তৰ কাৰ্যালয়ত তিনিচুকীয়া ৰে’ল ডিভিজনৰ বিষয়াসকলৰ সৈতে পৌৰ নিগমৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।প্রস্তাব অনুসৰি পার্কিং নির্মাণকার্য সম্পূর্ণ ব্যয় ৰে’ল বিভাগে বহন কৰিব। নির্মাণ সম্পূর্ণ হোৱাৰ পাছত পার্কিঙৰ পৰা সংগৃহীত ৰাজহৰ ৬০ শতাংশ ৰে’ল বিভাগে আৰু ৪০ শতাংশ ডিব্ৰুগড় পৌৰ নিগমে লাভ কৰিব। অৱশ্যে পার্কিং ব্যৱস্থাৰ কাৰিকৰী দিশক লৈ আলোচনা অব্যাহত আছে। ৰে’ল বিভাগে হাইড্র’লিক প্রযুক্তিৰ ব্যৱহাৰৰ কথা চিন্তা কৰাৰ বিপৰীতে পৌৰ নিগমে ৰেম্পযুক্ত পাঁচমহলীয়া পার্কিং ব্যৱস্থাৰ পোষকতা কৰিছে। পৌৰ নিগমৰ মতে, হাইড্র লিক ব্যৱস্থাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ব্যয় তুলনামূলকভাবে অধিক। ইয়াৰ বিপৰীতে ৰেম্পযুক্ত পার্কিং ব্যবস্থা কম ব্যয়ত নির্মাণ আৰু পৰিচালনা কৰিব পৰা যাব। উল্লেখ্য যে বিগত ২৯ জুলাইত ডিব্রুগড় পৌৰ নিগমৰ উপ-মেয়ৰ ফুকনে নতুন দিল্লীত কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষৱক সাক্ষাৎ কৰি ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচন চৌহদত বহুমহলীয়া পার্কিং নির্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড়ৰ সাংসদ সর্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত উক্ত সাক্ষাৎকালত মহানগৰীৰ বৰ্দ্ধিত বাহনৰ বিপৰীতে পার্কিঙৰ অভাৱৰ বিষয়টো মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰা হৈছিল। ফুকনৰ প্ৰস্তাৱত সঁহাৰি জনাই কেন্দ্রীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া ৰে’ল সংমণ্ডলক প্রয়োজনীয় প্রক্রিয়া আগবঢ়াই নিবলৈ নির্দেশ দিছিল। ইয়াৰ পাছতে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন আৰু আলোচনাৰ পথ প্রশস্ত হয়। প্রকল্পটোৰ কেইবাটাও কাৰিকৰী আৰু প্ৰশাসনিক বিষয়ক লৈ বর্তমানো আলোচনা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *