জকাই ২নং ভূৰ ভূৰীৰ পৰা ফুটাহলালৈ বুঢ়ীদিহিঙ মথাউৰি শোচনীয়!
অতীষ্ঠ স্থানীয় ৰাইজ
চাইন অন ডেস্ক,১৩আগষ্ট:
ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহচক্ৰৰ অধীনৰ মানকটা খনিকৰ মৌজাৰ জকাই অঞ্চলৰ ২নং ভূৰ ভূৰীৰ পৰা পূব ৰাজহচক্ৰৰ মদাৰখাট মৌজাৰ ফুটাহলালৈকে বুঢ়ীদিহিঙ মাথাউৰি পূণৰ নিৰ্মাণ কৰা হল যদিও যাতায়তৰ ক্ষেত্ৰত উপযোগী হৈ উঠা নাই।উল্লেখযোগ্য যে মদাৰখাট আৰু মানকটা খনিকৰ মৌজাৰ অঞ্চলৰ অন্তৰ্গত গাঁৱৰ বাবে বুঢ়ীদিহিঙৰ মথাউৰিৰ ওপৰেদিয়েই একমাত্ৰ যাতায়তৰ ক্ষেত্ৰত ব্যৱহৃত হয় কিন্ত অদ্যপৰিমিত জকাই ২নং ভূৰ ভূৰীৰ পৰা ফুটাহলালৈ বুঢ়ীদিহিঙৰ মথাউৰিৰ পুণৰ মেৰামতি কৰাৰ পিছত যাতায়তৰ উপযোগী হোৱাকৈ নিৰ্মাণ
কৰা হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে।আনহাতে কিছুমান ঠাইত বুঢ়ীদিহিঙৰ মথাউৰিৰ ওপৰেদি পকীকৰণ কৰা হৈছে যদিও জকাই শৰাইঘাট চাৰি আলিৰ পৰা ভূৰ ভূৰীলৈ বুঢ়ীদিহিঙৰ মথাউৰিৰ আজিকোপতি মেৰামতি কৰণ কৰা হোৱা নাই,যাৰ ফলত ভূৰ ভূৰীৰ গাঁৱৰ ৰাইজে অতি কষ্টৰে মথাউৰিৰ ওপৰেদি অহা-যোৱা কৰি আহিব লগীয়া হৈ পৰিছে।জানিব পৰা অনুসৰি বুঢ়ীদিহিঙ নদীৰ পৰীয়া সমগ্ৰ মথাউৰিৰ নিৰ্মাণ আৰু পকীকৰণ হব লাগে ।কিন্ত অদ্যপৰিমিত বুঢ়ীদিহিঙৰ মথাউৰিৰ পুণৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই আৰু নিৰ্মাণ কৰা মথাউৰিৰ ওপৰেদি পকীকৰণ পদক্ষেপ গ্ৰহণ কৰাটো দূৰৈৰ কথা যাতায়তৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰতো অৱহেলা আৰু আওকাণ কৰাৰ উপৰিও তিলমাত্ৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বুলি ৰাইজৰ মাজত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে।স্থানীয় ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ প্ৰতি জকাই ভূৰ ভূৰীৰ গাঁৱৰ পৰা ফুটাহলালৈ বুঢ়ীদিহিঙৰ মথাউৰি যাতায়তৰ উপযোগী কৰি তোলা ,বুঢ়ীদিহিঙৰ মথাউৰিৰ নিৰ্মাণ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা আৰু পকীকৰণৰ দাবী জনাইছে।