...

চাৰি সহস্ৰাধিকৰ ড্ৰাগছ বিৰোধী সমদল ক’ত ?

চাৰি সহস্ৰাধিকৰ ড্ৰাগছ বিৰোধী সমদল ক’ত ?

ড্ৰাগছ ব্যৱসায়ীলৈ সকীয়নি !

বৰপেটা,১৩ আগষ্ট:

বৰপেটাৰ আলোপতি মাজৰচৰ গাওঁপঞ্চায়তত আজি প্ৰায় চাৰি সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে এক অতি দীঘলীয়া প্ৰতিবাদী সমদল উলিয়ায় |আলোপতি মাজৰচৰ ড্ৰাগছবিৰোধী ঐক্য মঞ্চৰ উদ্যোগত উলিওৱা এই সমদলত পঞ্চায়ত খনৰ চৰকাৰী বিদ্যালয়-
মহাবিদ্যালয়ৰ লগতে কেবাখনকৈ বেচৰকাৰী বিদ্যালয়ৰ প্ৰায় চাৰি সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে সমগ্ৰ পঞ্চায়ততে সমদল কৰি ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে |ড্ৰাগছ বিৰোধী ঐক্যমঞ্চৰ আহ্বানৰ প্ৰতি সহাৰি নিদি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকক সমুহীয়া জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ মৃতদেহ ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় আৰু আন মুছুলমান সমাজক এই আহ্বানৰ প্ৰতি সহাৰি দিবলৈ দাবী জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *