ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘হৰ ঘৰ তিৰংগা’ প্ৰদৰ্শনী মুকলি
চাইন অন ডেস্ক,১২আগষ্ট:
২০২৬ চনৰ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত অনুষ্ঠিত ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অংশস্বৰূপে আৰু ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এক বিশেষ প্ৰদৰ্শনী মুকলি কৰা হয়।
জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু তাৰ পাছতে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষ্যে বিষয়া, কৰ্মচাৰী আৰু দৰ্শনাৰ্থীসকলক

উদ্বোধনী অনুষ্ঠানৰ পিছতে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে সমবেতভাৱে ‘বন্দে মাতৰম’ পৰিৱেশন কৰে। এই সমবেত সংগীতে দেশপ্ৰেম, একতা আৰু জাতীয় গৌৰৱৰ ভাবধাৰা প্ৰতিফলিত কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ‘বন্দে মাতৰম’ৰ চিৰন্তন অৱদান আৰু গুৰুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
২০২৬ চনৰ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত জাতীয় গৌৰৱ, ঐক্য আৰু ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সমজিলা আয়ুক্তসকল, অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী 
