...

সুস্থ সাংবাদিকতাত বাধা আৰোপৰ প্ৰৱনতাই দায়বদ্ধ সাংবাদিকতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে—-দ্যা হিন্দু কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক সুশান্ত তালুকদাৰ

সুস্থ সাংবাদিকতাত বাধা আৰোপৰ প্ৰৱনতাই দায়বদ্ধ সাংবাদিকতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে—-দ্যা হিন্দু কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক সুশান্ত তালুকদাৰ

নিউজ লাইভৰ চিনিয়ৰ ভিডিঅ’ জানেলিষ্ট হিমাংশু নেওগক ফটো সাংবাদিকতাৰ বঁটা

চাইন অন ডেস্ক,১১আগষ্ট:

চৰকাৰে লোৱা আঁচনি, নীতি, প্ৰকল্প আদিৰ বিষয়ে ৰাইজক অৱগত কৰাটো সাংবাদিকৰ দায়িত্ব, তেনেদৰে এনে চৰকাৰী সিদ্ধান্ত আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত ৰাইজৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিষয়াক প্ৰশ্ন কৰাটোও সাংবাদিকৰ দায়িত্ব। কিন্তু প্ৰকৃত তথ্য সাংবাদিকে ৰাইজক অৱগত কৰাৰ সুস্থ সাংবাদিকতাৰ এনে প্ৰক্ৰিয়াত বাধা আৰোপ কৰাৰ প্ৰৱনতাই ৰাজ্যখনত মুক্ত, স্বাধীন আৰু দায়বদ্ধ সাংবাদিকতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, যিটো গণতন্ত্ৰৰ বাবে অতি বিপদজনক।এচাম সাংবাদিকে ৰাইজৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি চাকৰি হেৰুৱাতকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিষয়াৰ বক্তব্য প্ৰচাৰ কথাতে নিজকে সীমাবদ্ধ কৰি ৰখাৰ যি প্ৰৱনতা আৰম্ভ হৈছে তাৰ অৱসান ঘটোৱাটো সাংবাদিকৰ স্বাধীনতা ৰক্ষা আৰু গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত অতি জৰুৰী হৈ পৰিছে।– আজি ডিব্ৰুগড়ত অনুষ্ঠিত পঞ্চদশ বাৰ্ষিক সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি “সাম্প্ৰতিক অসমৰ সাংবাদিকতাঃ আশা আৰু প্ৰত্যাশা” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে বিশিষ্ট লেখক-চিন্তাবিদ তথা দ্যা হিন্দু কাকতৰ প্ৰাক্তন সহকাৰী সম্পাদক সুশান্ত তালুকদাৰে। স্মাৰক বক্তৃতা প্ৰদান কৰি তেখেতে ১৯৩৬ চন ৰেডিঅ’ আৰু ১৯৫৯ চনত টেলিভিছনৰ সংযোজন ঘটাৰ দিনৰ পৰা সাম্প্ৰতিক সময়লৈকে সাংবাদিকতাৰ জগতখনত ঘটা উত্থান-পতনৰ আৰু তাৰ লগে লগে আহি পৰা সমস্যা সম্পৰ্কত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে।
আজিৰ স্মাৰক বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এটি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত আৰু গালু লুনভ বানভৰ(জি এল বি কে) সভাপতি টুংগে লয়াই। তেখেতে প্ৰদান কৰা ভাষণত ঘাইকৈ উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যৰ ঐতিহ্যমণ্ডিত ঐক্যবদ্ধতাত হেঙাৰ হৈ থিয় দিয়া যিকোনো অপশক্তিৰ বিৰুদ্ধে যৌথ ভাৱে থিয় দিয়াত গুৰুত্ব আৰোপ কৰে।আমি এক হৈ আছিলোঁ, এক হৈ আছোঁ আৰু আগলৈকো এক হৈ থাকিম,-তেখেতে কয়।ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত স্মাৰক বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ প্ৰতিচ্ছবিত এগছি বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় প্ৰেছ ক্লাবৰ অন্যতম উপদেষ্টা শৰৎচন্দ্ৰ নেওগে। তাৰ লগে-লগে অন্য দুগৰাকী প্ৰয়াত সাংবাদিক ক্ৰমে হৰি বিনোদ বাৰ্মা আৰু সঞ্জীৱ নন্দীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে দুয়োগৰাকী প্ৰয়াত সাংবাদিকৰ পৰিয়ালবৰ্গই। উল্লেখযোগ্য যে,আজিৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ উপলক্ষে ডিব্ৰুগড় প্ৰেছ ক্লাৱে চাৰিটাকৈ বিশেষ সন্মানসূচক বঁটা চাৰিজন কৃতি সাংবাদিকক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। সেই মৰ্মে সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় লখিমপুৰৰ ডি ৱাই ৩৬৫ৰ ব্যুৰো কৰুণা কৃষ্ণ নাথক, সাংবাদিক সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ দ্যা চেণ্টিনেল কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ অভীক চক্ৰৱৰ্তীক, জ্যোতি-ললিতা কানৈ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অনুসন্ধান মূলক সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয় তিনিচুকীয়াৰ দৈনিক জনমভূমি কাকতৰ ছিনিয়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰণৱ ফুকনক আৰু হৰি বিনোদ বাৰ্মা (ডব্লিউ) ফটো সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয় শিৱসাগৰৰ নিউজ লাইভৰ ছিনিয়ৰ ভিডিঅ’ সাংবাদিক হিমাংশু নেওগক। বঁটা প্ৰাপক কেইগৰাকীৰ হৈ দুগৰাকী বঁটা প্ৰাপক ক্ৰমে কৰুণা কৃষ্ণ নাথ আৰু প্ৰণব ফুকনে নিজৰ অনুভৱৰ কথা ব্যক্ত কৰি দুআষাৰ কয়।
স্মাৰক বক্তৃতা অনুষ্ঠানৰ আজিৰ সভাত একোটিকৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় স্থানীয় বিশিষ্ট সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ চৈকত পাত্ৰ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু প্ৰয়াত নীলিম চৌধুৰীৰ সহধৰ্মিনী ডঃ সুবাসনা মহন্ত চৌধুৰীয়ে।
আজিৰ স্মাৰক বক্তৃতা প্ৰদান সভাত সাম্প্ৰতিক উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আৰু তথ্য সহকাৰে অভিযোগ উঠা মতে যিহেতু এই প্ৰলয়ংকাৰী বানে অনা দুৰ্যোগটো প্ৰাকৃতিক সৃষ্ট দুৰ্যোগ নহয়, ই মানৱ সৃষ্ট দুৰ্যোগ, সেয়েহে এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *