আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক
ধুবুৰীত চাৰি দিনীয়া কথক নৃত্যৰ কৰ্মশালাৰ সামৰণি
ধুবুৰী,১০জুলাই:
ধুবুৰীত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্থানীয় সাংস্কৃতিক সংগঠন নৃত্যাংগনৰ উদ্যোগত আয়োজিত চাৰি দিনীয়া বিনামূলীয়া কথক নৃত্যৰ কৰ্মশালাখনৰ যোৱাকালি সফল সামৰণি ঘটে। বিগত ৬ জুলাইৰ পৰা ৯ জুলাইলৈ ধুবুৰীৰ লায়ন্স ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ১৩০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি কথক নৃত্যৰ মৌলিক কৌশল, তাল-লয় আৰু ভংগীমাৰ প্ৰশিক্ষণ লাভ কৰে। যোৱাকালি সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেবময় সান্যালে নৃত্যাংগনৰ এই পদক্ষেপক সময়োপযোগী আৰু প্ৰশংসনীয় বুলি অভিহিত কৰে। আনহাতে, নিজৰ ভাষণত নৃত্যাংগনৰ সভানেত্ৰী ডঃ প্ৰতিমা নিয়োগীয়ে সুবিধাবঞ্চিত শিক্ষাৰ্থীক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সৈতে পৰিচয় কৰাই দিয়াটোৱে কৰ্মশালাখনৰ মূল লক্ষ্য আছিল বুলি উল্লেখ কৰে। বিশিষ্ট কথক নৃত্যশিল্পী অৰ্পিতা কৰ্মকাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে গুৰুবন্দনা আৰু মনোমোহা কথক নৃত্য পৰিবেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ অন্তত অংশগ্ৰহণকাৰী সকলো শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষক আৰু সহযোগীসকলক সম্বৰ্ধনা জনোৱা হয়।
Like this:
Like Loading...