মন্দিয়াত অঙ্গনৱাড়ী কৰ্মী- সহায়িকাৰ কলা দিৱস
বাঘবৰ,১০জুলাইঃ
অঙ্গনৱাড়ী কৰ্মী- সহায়িকাৰ বাবে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি কৰক,কৰ্মী- সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক, মাননিৰ সলনি মজুৰি দিয়ক, ESI,PF আৰু গ্ৰেছুইটি প্ৰদানৰ দাবীত, চি আই টি ইউৰ আহ্বানত দেশব্যাপী পালন কৰা কলা দিৱসৰ লগত সংগতি ৰাখি আজি মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত কৰ্মী – সহায়িকা সকলেও কলা দিৱস পালন কৰে। আজি সকলো অঙ্গনৱাড়ী কেন্দ্ৰ বন্ধ ৰাখি কলা পোছাক পৰিধান কৰি কৰ্মী- সহায়িকা সকলে পুৱা ১১ বজাত মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে। কৰ্মী- সহায়িকা সকলক দিনে-নিশাই অত্যাধিক কামৰ বোজা জাপি দিয়াৰ পিছতো সামান্য মাননি দিয়াৰ লগতে কৰ্মী- সহায়িকা সকলৰ অসুবিধাৰ প্ৰতি গুৰুত্ব নিদিয়া বুলি কৰ্মী সকলে অভিযোগ কৰে। মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত কৰ্মী- সহায়িকা সকলে কোনো মাহৰ প্ৰথম সপ্তাহত মাননি নাপায় বুলিও অভিযোগ কৰে। আনহাতে চলিত বৰ্ষৰ যোৱা মে মাহৰ আধা মাননিহে কৰ্মী- সহায়িকা সকলে পোৱা আৰু বাকী থকা মাননিখিনি এতিয়ালৈ পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে। মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ এনেবোৰ খেলিমেলি অতি সোনকালেই আতৰ কৰিবলৈও কৰ্মী- সহায়িকা সন্হাৰ ফালৰ পৰা দাবী জনায়।