ধুবুৰী জিলাৰ খোৱা পানীত আৰ্চেনিক! ধুবুৰীৰ বিধায়িকা বেবী বেগমে অসম বিধানসভাত কৰা প্ৰশ্নৰ উত্তৰত অসম চৰকাৰ জনসাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰদান কৰা তথ্যত উন্মোচিত হৈছে এই উদ্বেগজনক তথ্য। প্ৰদান কৰা সেই তথ্য অনুসৰি ধুবুৰী জিলাত পৰীক্ষা কৰা মুঠ ১৮,৩৭৭টা পানীৰ নমুনাৰ ১৩টা নমুনা আৰ্চেনিক-দূষিত পোৱা গৈছে। অনুমোদিত মাত্রাতকৈ অধিক পৰিমাণৰ আৰ্চেনিক থকা পানী দীর্ঘদিন ধৰি পান কৰিলে আৰ্চেনিক প্রদূষণ (আৰ্চেনিক’চিছ), কেৰাট’চিছ (হাতৰ তলুৱা আৰু ভৰিৰ পতাত কঠিন চামৰা পৰা), হৃদযন্ত্ৰৰ উপৰিও কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। আনহাতে, জল জীৱন মিছনৰ অধীনত ধুবুৰী জিলাত অনুমোদিত হোৱা ১,৫১৫ টা খোৱা পানী যোগান আঁচনিৰ ১,৪৭৭টা সম্পূৰ্ণ হোৱা বুলিও মন্ত্ৰী পালে সদৰি কৰিছে। ইপিনে, ধুবুৰী জিলাৰ ভগৰ্ভৰ পানীত আৰ্চেনিক থকাটো নিশ্চিত হোৱাৰ পিছত এতুয়া ধুবুৰীত খোৱা পানীৰ সুৰক্ষা আৰু জনস্বাস্থ্যক লৈ উদ্বেগৰো সৃষ্টি হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.