ডিব্ৰুগড় জিলাত বিশ্ব জনসংখ্যা দিৱস পালন
চাইন অন ডেস্ক,১১জুলাই:
“মাতৃ আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰাখক”- এই বিষয় বস্তুক সৰোগত কৰি ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত বিশ্ব জনসংখ্যা দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰা হয়। জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা দেৱৰ তত্বাৱধানত আজিৰে পৰা সমগ্ৰ জিলাখনত ১৮ জুলাই লৈ জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী পালন কৰা হ’ব ।


এই বিশ্ব জনসংখ্যা দিৱস অনুষ্ঠানত ডিব্ৰুগড় নগৰ অঞ্চলৰ ৩ গৰাকী আশা কৰ্মী ক্ৰমে – নাজৰিন নিচা, জাহানা বেগম আৰু চাইনা ভূমিজক তেওঁলোকৰ নিজ নিজ অঞ্চলত অস্থায়ী পৰিয়াল পৰিকল্পনা পদ্ধতিৰ প্ৰচাৰ আৰু গ্ৰহণত আগবঢ়োৱা উল্লেখযোগ্য অৱদান তথা সন্তান জন্মত ব্যৱধান ৰখাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সচেতনতা অনাৰ বাবে আৰু পৰিয়াল পৰিকল্পনাৰ বিভিন্ন শিতানত অধিক পাৰিতোষিক আদায় ( Incentive Claim) ৰ বাবে সম্বৰ্ধনা জনোৱা হয়। এই জনসংখ্যা দিৱস উপলক্ষে ১৮ জুলাইলৈ জিলাৰ সমূহ স্বাস্থ্য প্ৰতিষ্ঠান,আয়ুষ্মান আৰোগ্য মন্দিৰ, VHND, VHSNC কে ধৰি সকলো উপলব্ধ মাধ্যমৰ যোগেদি পৰিয়াল পৰিকল্পনাৰ পদ্ধতি সম্পৰ্কে ব্যাপক সজাগতা চলোৱা হ’ব।

ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত এই বিশ্ব জনসংখ্যা দিৱস অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তৃষ্ণা বড়া, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ( মুখ্য কাৰ্যালয়) ডাঃ স্মিতা গোহাঁই, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ( School Health) ডাঃ অৰুণিমা বৰ্মন, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ উৎপলা বৰুৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ জিলা আঁচনি প্ৰবন্ধন গোটৰ সদস্যসকল,আই – পাছৰ প্ৰতিনিধিৰ লগতে ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ সমূহ স্বাস্থ্য কৰ্মী, এ এন এম আৰু আশা উপস্থিত থাকে।