লণ্ডনত মহাপুৰুষ শংকৰদেৱৰ ৫৭৭তম জন্ম জয়ন্তী উদযাপন
চাইন অন ডেস্ক:
অসম সাহিত্য সভাৰ বিদেশত থকা অন্যতম শাখা যুক্তৰাজ্য শাখাৰ উদ্যোগত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭তম জন্ম জয়ন্তী অনুষ্ঠান সম্পন্ন হয়। লণ্ডনৰ কিংসচ লেঙ্গলীত অতি গাম্মীৰ্যপূৰ্ণ আৰু আধ্যাত্মিকতাৰে অনুষ্ঠিত হোৱা গুৰু জনাৰ জন্ম জয়ন্তী অনুষ্ঠানত যুক্তৰাজ্য শাখাৰ সভাপতি গীতা বৰুৱাই মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে। উপসভাপতি নিৰলা বৰুৱাই অসমৰ সমাজত গুৰুজনাৰ অবদান নামঘৰৰ প্ৰভাৱ আৰু গুৰুত্বৰ বিষয়ে চমুকৈ ব্যাখা কৰে। তাৰ পাচতে গুৰুৰ আসনৰ আগত নাম ধৰা নামতী বিশিষ্ট লেখিকা মঞ্জীৰা চৌধুৰী, লাহৰী বৰঠাকুৰ, গীতা বৰুৱা, ভবানী কাকতী, কুইন শইকীয়াই নাম পৰিৱেশন কৰে। বৰতাল,নেগেৰা,খোলৰ ধ্বনীয়ে বিদেশৰ আকাশ-বতাহ মোখুৰিত কৰি তোলে ।
আনহাতে অসমৰ বিখ্যাত কলা শিল্পী ৰূপম বৰঠাকুৰে চিত্ৰাঙ্কনৰ কম্মশালা আৰম্ভ কৰে। কৰ্মশালাত সকলো বয়সৰ অতিথিয়ে অংশ গ্ৰহন কৰি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ সম্পাদিকা জাহ্নৱী গগৈয়ে গুৰুজনাই বাৰ বছৰ বয়সতে লিখা প্ৰথম কবিতা ‘কৰতল কমল’ কবিতাটোৰ ৰচনাৰ কৌশল আৰু তাৎপৰ্য 

আনহাতে উক্ত অনুষ্ঠানতে গীতুতপল্লা বৰদলৈয়ে এটা স্তোতিৰে সদ্য প্ৰয়াত জুৱিন গাৰ্গৰ স্মৃতিচাৰণ কৰা লগতে
পুস্পা হাজৰীকাই জুবিন গাৰ্গ আৰু ডঃ লাহনৰ প্ৰতিছবিৰ আগত বন্তি প্ৰজলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গীতা বৰুৱাই হিয়াৰ আমঠু জুবীনলৈ লিখা এটি স্বৰচিত কবিতা আবৃতি, লাহৰী বৰঠাকুৰে যুক্তৰাজ্য সাহিত্য সভাৰ আজীবন সদস্য ডা° লাহন আৰু অলপতে পৰলোক হোৱা আৰু চাৰি গৰাকী প্ৰবাসী অসমীয়াৰ বিষয়ে দুৱাষাৰ কয়।উপস্থিত থকা সকলোৱে এক মিনিট মৌনতাৰে থিয় হৈ মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।জাহ্নবী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত অঞ্জীৱ ৰাজখোৱাই “ “ব্ৰহ্মা আদি কৰি জীৱ যত” গীতটোৰে শোক সভাৰ সামৰনি মাৰে। আনহাতে সাংস্কৃতিক সন্ধ্যা উপলক্ষে উন্মনা দাস, প্ৰীতম বৰা আৰু গৌৰী গোস্বামীয়ে এটি গোসায় নাচ, অন্যনা মহন্তৰ সত্ৰীয়া নাচ, ৰিশ্বী চৌধুৰীৰ তবলা, ৰঞ্জীতা বৰা আৰু জোনাক প্ৰিয়া দাসৰ বৰগীতে সন্ধ্যাৰ অনুস্থানটোয়ে সকলোকে মুগ্ধ কৰে। উল্লেখযোগ্য যে, যুক্তৰাজ্য শাখা সাহিত্য সভাই বিভিন্ন সময়ত প্ৰবাসী অসমীয়া সকলৰ তথা নৱ প্ৰজন্মৰ মাজত অসমীয়া ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ চৰ্চা আৰু বিদেশী সকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি অহাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।