এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্রিকেট দলে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে এছিয়ান গেমছত ক্রমাগত দ্বিতীয়বাৰৰ বাবে স্বর্ণপদক অর্জন কৰিলে। আইচি-নাগ’য়াত পূৰ্ণগতিত চলি থকা এছিয়ান গেমছৰ মহিলা ক্রিকেটৰ ফাইনেলত ভাৰতে শ্রীলংকাক ১৪৭ বানত বিধ্বস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। ইয়াৰ পূৰ্বে ২০২৩ চনত ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় মহিলা দলটোৱে স্বর্ণপদক
জয় কৰিছিল। ক’ৰ’গী স্পর্টছ পাৰ্কত অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২১৭ বানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দীপ্তি শর্মা, শ্বেফালি বার্মা, শ্রেয়াংকা পাটিল আৰু শ্রীচৰণীৰ দুর্দান্ত বলিঙৰ সম্মুখত বেটিং বিপর্যয় হৈ শ্রীলংকাই ১৫.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৬৯ বানহে কৰিবলৈ সক্ষম হয়। দলটোৰ মাত্র তিনিগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। অধিনায়িকা তথা অ’পেনাৰ ছামাৰি আটাপাটুরে সৰ্বাধিক ২৯ ৰান কৰাৰ লগতে কৌশিনীয়ে
১৪ আৰু কাভিছা ডিলহাৰিয়ে ১১ বানৰ অৱদান আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ দীপ্তি শর্মাই ৪ অভাৰত ৬ ৰান খৰচ কৰি সৰ্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে শ্বেফালি বার্মা, শ্রেয়াংকা আৰু শ্রীচৰণীয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অ’পেনাৰদ্বয় স্মৃতি মান্ধানা আৰু শ্বেফালি বাৰ্মাৰ লগতে ৰিছা ঘোষৰ দুৰ্দান্ত বেটিঙৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২১৬ ৰান সংগ্ৰহ কৰে। শ্বেফালি আৰু মান্ধানাই প্রথম উইকেটত ৯৯ ৰান সংগ্ৰহ কৰি
দলক প্রত্যয়জনক আৰম্ভণি দিয়ে। শ্বেফালিয়ে ২৯টা বলত ৪৮ ৰান কৰি বিদায় লয় যদিও মান্ধানাই ৪৫টা বলত ৭৯ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। অধিনায়িকা হৰমনপ্রীত কৌৰে ১৯ বান কৰি বিদায় লয় যদিও বিছা ঘোষে মাত্র ২২টা বলত অপৰাজিতভাবে ৪৯ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। ইপিনে, পাকিস্তানে ব্ৰঞ্জৰ পদক অর্জন কৰে। আজি অনুষ্ঠিত তৃতীয় স্থানৰ মেচখনত পাকিস্তানে বাংলাদেশক ৩১ ৰানত পৰাস্ত কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.