...

উত্তৰ প্ৰদেশত স্কুলত শিক্ষয়িত্রীক গুলীয়াই হত্যা

উত্তৰ প্ৰদেশত স্কুলত শিক্ষয়িত্রীক গুলীয়াই হত্যা

প্ৰেমিক ঘাতকৰো আত্মহনন

উত্তৰপ্ৰদেশ,২৩ছেপ্টেম্বৰ :

স্কুলৰ ভিতৰত প্ৰৱেশ কৰি এগৰাকী শিক্ষয়িত্ৰীক হত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি জিলাত। জিলাখনত এখন বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি এজন যুৱকে শ্রেণীকোঠাতে নিছাত ফাতিমা নামৰ শিক্ষয়িত্ৰীগৰাকীক গুলীয়াই হত্যা কৰে। পিচত ছাউদ আনছাৰী নামৰ

যুৱকজনেও আত্মহত্যা কৰে। প্রাপ্ত বাতৰিমতে আনছাৰী আছিল ফাতিমাৰ প্ৰেমিক। আজি আনছাৰিয়ে স্কুলখনৰ প্ৰথম মহলালৈ গৈ ফাতিমাক শ্ৰেণীকোঠাৰ পৰা চোঁচৰাই নিয়ে আৰু গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পিচতে হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। ফাতিমাক হত্যা কৰি একে স্থানতে আনছাৰীয়েও মূৰত গুলীয়াই আহত্মহত্যা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *