...

চিতাৰ জুইত মাংস ৰান্ধি খোৱাৰ অপচেষ্টা !

চিতাৰ জুইত মাংস ৰান্ধি খোৱাৰ অপচেষ্টা !

তিনি যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

শাহজাহানপুৰ,২৩ছেপ্টেম্বৰ :

উত্তৰ প্ৰদেশত মৃতকৰ চিতাৰ জুইত মাংস ৰান্ধি খোৱাৰ অপচেষ্টা কৰাৰ অপৰাধত তিনি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শ্বাহজাহানপুৰ জিলাৰ নট্ৰপুৰ নামে গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তিৰ মৃত্যুৰ পাছত শ্মশানত কাঠৰ চিতাত অগ্নিসংযোগ কৰি পৰিয়ালৰ লোকসকল ঘৰলৈ উভতি আহিল। ইয়াৰ কিছু সময়ৰ পাছতে মৃত বৃদ্ধগৰাকীৰ পুত্ৰ পুনৰ শ্মশানলৈ গৈ এনে অভাৱনীয় দৃশ্য দেখি নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল। গাঁওখনৰ তিনি সুৰাসক্ত যুৱকে চিতাৰ জুইত মাংস ৰান্ধি থকা অৱস্থাত দেখে বৃদ্ধজনৰ পুত্ৰই। ইয়াৰে এজন নিচাসক্ত যুৱকে তন্ত্র-মন্ত্ৰৰ সাধনা কৰে বুলি জানিব পৰা গৈছে। অন্ধবিশ্বাস আৰু তন্ত্র সাধনাৰ অংশ হিচাপে ধাৰণা কৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। মৃতকৰ পুত্ৰগৰাকীয়ে এই জঘন্য কাণ্ডৰ প্ৰতিবাদ কৰাত অভিযুক্ত তিনি সুৰাসক্তই আক্ৰমণ কৰিবলৈ উদ্যত হয়। ঘটনাৰ পাছতে যুৱকজনে চিঞৰ-বাখৰ কৰাত ততালিকে স্থানীয় ৰাইজ শ্মশানত উপস্থিত

হোৱাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সম্পর্কে জানিব পাৰি শ্মশানত উপস্থিত হৈ তিনিওগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত মৃতকৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিত নির্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তিনিওগৰাকী অভিযুক্তক নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, চিতাত মাংস ৰান্ধি থকাৰ সময়ত তিনিওজন যুৱকেই অত্যধিক সুৰাপান কৰি নিচাসক্ত অৱস্থাত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *