সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে একত্রিত হৈ প্রতিবাদ সাব্যস্ত কৰিছে দেশখনৰ আগশাৰীৰ সংবাদ গোষ্ঠীয়ে। চিএনএন, এমএছ নাউ আৰু পলিটিকো নামৰ তিনিটাকৈ আগশাৰীৰ সংবাদ প্রতিষ্ঠানৰ বিৰুদ্ধে ট্রাম্প প্রশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰত অনুষ্ঠান সম্প্ৰচাৰ বন্ধ কৰি দিলে চাৰিটা মার্কিন নিউজ নেটৱর্কে। ফ’কছ নিউজ মিডিয়া, এবিচি নিউজ, চিবিএছ নিউজ আৰু এনবিচি নিউজে যুটীয়াভাৱে ঘোষণা কৰিছে যে তেওঁলোকে ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী সংগ্ৰহ কৰা পৰম্পৰাগত ৰোটেটিং পুল ব্যৱস্থাত আৰু অংশগ্রহণ নকৰে। এক বিবৃতিত সংবাদ প্রতিষ্ঠানকেইটাই কয় যে চৰকাৰ সম্পর্কে শুদ্ধ আৰু স্বাধীন তথ্য লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰ দেশৰ নাগৰিকৰ আছে। কোনো সংবাদ মাধ্যমৰ প্ৰতি অসন্তুষ্ট হৈ চৰকাৰে তেওঁলোকৰ সাংবাদিকতাৰ দায়িত্ব পালনত বাধা আৰোপ কৰাটো অনুচিত। তাৎপর্যপূর্ণ এয়ে যে মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী কাৰ্যসূচীৰ দৃশ্যগ্ৰহণৰ বাবে ৫টা শীর্ষ নেটৱৰ্কে যুটীয়াভাৱে তেওঁলোকৰ কেমেৰা ক্রিউ প্ৰেৰণ কৰাৰ লগতে এই ভিডিঅ’ ফুটেজ বা সেই সংবাদ মাধ্যমসমূহকো প্ৰচাৰৰ বাবে প্ৰেৰণ কৰে। কিন্তু চাৰিটা সংবাদ মাধ্যমে এই পুল সেৱা বন্ধ কৰি দিয়াত হোৱাইট হাউছত ব্যাপক প্ৰভাৱ পৰিছে। কালি হোৱাইট হাউছত নির্মাণ শ্রমিকসকলৰ সৈতে ট্রাম্পে নতুন হেলিপেড উদ্বোধন কৰাৰ সময়ত ভাষণ প্রদান কৰিছিল যদিও মাইক আৰু আনুষ্ঠানিক পুল নথকাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ মুখৰ এটা শব্দও শুনা নগ’ল। নিউজ মাস্ক নামৰ প্ৰতিষ্ঠানটোৱে কেৱল দৃশ্য সম্প্ৰচাৰ কৰে যদিও শব্দ সংযোগ নোহোৱাৰ বাবে ট্রাম্পক কাৰ্যতঃ মৌন থকাৰ দৰে দেখা গ’ল। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰিছে। ইফালে, সংবাদ মাধ্যমৰ বাৰুদ্ধ কৰাৰ প্ৰচেষ্টাৰ সৈতে মোকাবিলা কৰিবলৈ হোৱাইট হাউছে নিজাকৈ ট্রাম্প টিভি আৰম্ভকৰিছে। আনহাতে, ট্রাম্পৰ প্ৰতি মেলানিয়া ট্রাম্পে নিজৰ ব্যক্তিগত কার্যসূচী সম্প্ৰচাৰৰ বাবে অনুমতি প্রদান কৰাটোৱে বিশেষ চর্চা লাভ কৰিছে। ইতিমধ্যে ট্রাম্প প্রশাসনৰ একনায়কত্ববাদ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই চিএনএনে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.