...

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

ৰঙিয়া:

এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।এই নিকৃষ্ট কাণ্ড সংঘটিত হৈছে জৱাহৰ নৱোদয় বিদ্যালয়ত।
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হোৱা এনে ভয়ানক কাণ্ডই সকলোৰে চকু কপালত তুলিছে।অভিযোগ অনুসৰি বিগত তিনিমাহ ধৰি ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰক একাদশ শ্ৰেণীৰ কেইজনমান ছাত্ৰই যৌন নিৰ্যাতন চলাই আহিছিল।
অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একাদশ শ্ৰেণীৰ ৭ গৰাকী ছাত্ৰক।ভুক্তভোগী আৰু অভিযুক্ত আটাইকেইজন নাবালক আৰু জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰাবাসৰ বাসিন্দা।
ভুক্তভোগী ছাত্ৰজনে পিতৃ-মাতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে ।
ভুক্তভোগী ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এই বিষয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষক জনোৱাৰ পিছত বিদ্যালয়ৰ অধ্যক্ষই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ৭ গৰাকী ছাত্ৰক কিশোৰ আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকক ১৪ দিনৰ বাবে সংশোধন গৃহলৈ প্ৰেৰণ কৰা হয়।
কৰ্তৃপক্ষই ভুক্তভোগী ছাত্ৰজনৰ চিকিৎসা পৰীক্ষা কৰাৰ লগতে অভিযুক্ত আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বক্তব্য সংগ্ৰহ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *