...

ভূমিকম্প ! আতংক আৰু বাস্তৱ

ভূমিকম্প ! আতংক আৰু বাস্তৱ

ধ্ৰুৱ পাঠক:

ভূমিকম্পক লৈ শেহতীয়াকৈ বেছ কিছু চৰ্চা দেখা গৈছে । এগৰাকী অধ্যাপকৰ ব্যাখ্যাৰে ভূমিকম্পক লৈ বাতৰিও হৈছে । ভূমিকম্প এক প্ৰাকৃতিক পৰিঘটনা । গতিকে ইয়াক এৰাই চলিব নোৱাৰি । আমি মানে উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকল যিহেতু Seismic Zone-5 ত আছো , সেয়ে আমাৰ অঞ্চলসমূহ অত্যধিক ভূমিকম্প প্ৰৱণ । Seismic Survey of India ৰ তথ্য চালে দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলত প্ৰায় দৈনিক ভূমিকম্প হয় । এতিয়া seismic wave চিনাক্ত কৰা যন্ত্ৰবোৰ বহু স্থানত স্থাপন হোৱা বাবে এই তথ্য আহৰণ কৰাটো কিছু সহজ হৈছে । আমি অৱশ্যে এই ক্ষেত্ৰত বিশেষজ্ঞ নহয় । অলপ পঢ়া শুনা কৰি বুজি পোৱাখিনি লিখিছোঁ ।

বিষয়টো এই কাৰণে অৱতাৰণা কৰিছো যে ভূমিকম্পৰ ক্ষয়-ক্ষতি সন্দৰ্ভত আমাৰ পৰিচিত গুৱাহাটীৰ এগৰাকী অভিজ্ঞ Structural Engineer ৰ সৈতে কেইমাহমান আগতে কথা পাতিছিলো । তেওঁ জনাইছিল যে তেঁওলোকৰ ফাৰ্মে গুৱাহাটীত বিল্ডিঙৰ Non destructive test কৰে । গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালেও এই টেষ্ট কৰিছে । বিশেষ যন্ত্ৰৰ সহায়ত তেওঁলোকে multi storied বিল্ডিঙৰ Column ৰ Load Capacity বা অন্যান্য কাৰিকৰী দিশ সমূহ পৰীক্ষা কৰে । প্ৰয়োজন হ’লে Column Jacketing কৰি seismic resistance ৰ ব্যৱস্থা কৰে । এই প্ৰক্ৰিয়াটো অৱশ্যে খৰচী ।

কথা প্ৰসংগত তেখেতে আক্ষেপেৰে কৈছিল যে ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ একাংশ পকা মিস্ত্ৰীৰ বাবে RCC ঘৰ নিৰ্মাণ কৰিব বিচৰা বহু ব্যক্তিয়ে Structural Engineer, Architect ৰ কাষ নাচাপে বা তেওঁলোকৰ পৰামৰ্শ নামানে । মই তেওঁক বিষয়টো অলপ বিতংকৈ বুজাবলৈ কৈছিলো । ‘ মানে ধৰি লওক, বিল্ডিং নিৰ্মাণ কৰিব বিচৰা লোক এজনে প্ৰথম ঠিকেই আমাৰ ওচৰলৈ আহে । আমি building ৰ drawing দিওঁ। Column design কৰি দিওঁ । ৰডৰ চাইজ ঠিক কৰি দিও । ইয়াৰ পিছত drawing খন মিস্ত্ৰীৰ হাতত পৰে। মিস্ত্ৰীয়ে কেতিয়াবা মালিকৰ লগত কথা পাতি drawing সলাই দিয়ে । ৰডৰ চাইজ কমাই দিয়ে । Columnৰ ৰডৰ জইণ্টবোৰ আমাৰ কথা মতে নিদিয়ে । চিমেণ্ট-বালিৰ মিশ্ৰণত হেৰ ফেৰ কৰে আৰু কৈ দিয়ে যে একো নহয় । তেওঁলোকে এনেদৰে বহু ঘৰ বনাইছে । ইয়াৰ ফলত ঘৰ বনোৱা মানুহজনৰ খৰছ অলপ কমে । তেতিয়া সেই মানুহজনে মিস্ত্ৰীজনক আপোন কৰি লয়, তেওঁ ভাবি লয় যে মিস্ত্ৰীজনে তেওঁৰ টকা ৰাহি কৰাই দিলে আৰু Engineer জনে খৰছ বঢ়াব বিচাৰিছিল । গতিকে Engineer জনক তেওঁ শত্ৰু জ্ঞান কৰে আৰু বাকী কামখিনিৰ বাবে যোগাযোগ নকৰে । অথচ আমি soil test ৰ report আদি বিভিন্ন দিশ চালিজাৰি চাই, load calculation কৰি ডিজাইন ৰেডি কৰি দিওঁ । ‘- তেওঁ এনেদৰে কৈছিল কথাখিনি । ইয়াৰ মাজত অৱশ্যে বহু ভাল, অভিজ্ঞ মিস্ত্ৰীও আছে । যিয়ে আকৌ আৰ্কিটেক্টৰ ভুল আঙুলিয়াই দিব পাৰে । সেয়ে একাংশ মিস্ত্ৰী বুলি কৈছোঁ ।

কিছুদিন পূৰ্বে বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ । কেইবছৰমান আগলৈ ৰাস্তাটোৰ শেষত তেওঁৰেই একমাত্ৰ দুমহলীয়া বিল্ডিং আছিল । এতিয়া কেবাটাও ঘৰ হৈছে । কিছুমান ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে । ঘৰবোৰৰ ডিজাইন প্ৰায় একে । মই বন্ধুক কলো – ‘ আপোনাৰ ৰাস্তাত বহু ঘৰ হল । ডিজাইনবোৰ একে যে ? ‘ বন্ধুৱে কৈছিল – ‘ এইবোৰ বদ্দেকা (বৰডেকা) ডিজাইন । মানে আমাৰ ইয়াত এজন মিস্ত্ৰী আছে , তাক সকলোৱে বদ্দেকা বুলি মাতে । ইয়াত বিল্ডিং বনালে সকলোৱে বদ্দেকাৰ ওচৰলৈ যায় । এতিয়া বদ্দেকাৰ এইটো ডিজাইন চলি আছে । বেলকনিটো ধনুভেৰীয়া কৰি দিয়ে । ইয়াৰ মানুহে আৰু বেলেগ চিন্তা নকৰে । ৰড, column ৰ চাইজ বদ্দেকাই ঠিক কৰে ।’ এবাৰ হেনো কোনোবা এজনে চাদ ধালাই দিয়াৰ পিছতহে গম পালে যে চিৰিটো দিব পাহৰি থাকিল । বাৰু ! বুজিলোঁ , কিনো কম আৰু ।

ভূঁইকপৰ প্ৰসংগলৈ আহিছো আকৌ । আমাৰ অসমত এতিয়া সক্ৰিয় fault line টো হৈছে Kopili Fault , । ইয়াৰ দৈৰ্ঘ্য 200-300 কিলোমিটাৰ । প্ৰস্থ প্ৰায় 50 কিলোমিটাৰ । মণিপুৰৰ পৰা অসমৰ মাজেৰে এই Kopili Fault লাইন অসম-ভূটান- অৰুণাচল ত্ৰিকোণ সংযোগস্থলীলৈ বিয়পি আছে । 2021 চনৰ 28 এপ্ৰিলৰ পুৱা অসম কঁপাই যোৱা 6.5 magnitude ৰ ভূমিকম্পটো Kopili Fault ত উৎপত্তি হৈছিল । পিছে সকাহৰ বিষয় এয়ে যে 6.5 প্ৰাবল্যৰ এই ভূমিকম্পটোত অসমৰ বা গুৱাহাটীৰ বহু পুৰণি multi storied building থিয় হৈ থাকিল । এয়া হয়তো ভগৱানৰ কিবা আশীৰ্বাদ ।কিন্তু 1950 ৰ দৰে ভূমিকম্প হ’লে অসমত ক্ষয় ক্ষতি হোৱাটো স্বাভাৱিক । কাৰণ তেতিয়াৰ তুলনাত এতিয়া বহু অসুৰক্ষিত নিৰ্মাণ কাৰ্য হৈছে ।

2023 ৰ তুৰ্কী ভূমিকম্পৰ পিছত দেশখনৰ চৰকাৰে 130 জন builder ৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল । কাৰণ তাত building code আছিল যদিও সেয়া অনুসৰণ কৰা নাছিল ।গগনচুম্বী অট্টালিকাবোৰ চকুৰ পচাৰতে খহি পৰিছিল । আমাৰ ইয়াতো building code আছে। কেৱল সংশ্লিষ্ট পক্ষই এই code সঠিক ভাৱে কাৰ্যকৰী কৰাত গুৰুত্ব দিব লাগে । আমি নিজেও flat ৰ বাসিন্দা। গতিকে মুনাফাৰ অঙ্কত কি চলে জানোঁ।

এতিয়া আহিছো ভূমিকম্পক লৈ আমাৰ মনত সৃষ্টি হোৱা ভয়ৰ পৰা কিদৰে মুক্ত হম , সেই কথালৈ । প্ৰথম কথা ম’বাইল ফোনত ভূমিকম্পৰ ভিডিঅ বোৰ চাই নাথাকিব । এবাৰ আপুনি Facebook reel হিচাপে ভূমিকম্পৰ ভিডিঅ’ চালে সেই ভিডিঅ’বোৰ সঘনাই আপোনাৰ ফেচবুক পেজত ভূমুকি মাৰি থাকিব । এনে দৃশ্য সমূহে আমাৰ মনস্তত্বত প্ৰভাৱ পেলায় আৰু আমাক ভীতিগ্ৰস্ত কৰি ৰাখে । ভূমিকম্প কেতিয়া আহিব, কোনেও ভৱিষ্যতবাণী কৰিব নোৱাৰে । গতিকে এনে কথা বতৰাত ভাগ নলব বা নুশুনিব । যদি আপোনাৰ ঘৰতো পুৰণি , তথাপিও আতংকত নুভুগিব। কাৰণ কেতিয়াবা পুৰণি ঘৰবোৰ বেছি মজবুত হয় । তাহানিৰ বহু উপাদান ভেজাল নাছিল । তেতিয়া চিমেণ্ট মানে চিমেণ্টেই আছিল । এতিয়াৰ দৰে আকৌ কিবা ধালাই এক্সপাৰ্ট বুলি বেলেগ চিমেণ্ট নাছিল । তথাপি পুৰণি ঘৰ এটা সুৰক্ষিত কৰিবলৈ RCC column আদিৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ প্ৰযুক্তি এতিয়া উপলব্ধ হৈছে ।

[এই লেখাৰ সৈতে অসম, উত্তৰ পূৰ্বাঞ্চলৰ seismic fault line ৰ এখন map দিয়া হৈছে।]

(ধ্ৰুৱ পাঠকৰ ফেচবুক ৱালৰ পৰা সংগৃহীত)

Leave a Reply

Your email address will not be published. Required fields are marked *