ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ ‘মজুৰি ক্ষতিপূৰণ’ আঁচনি’ৰ সফল ৰূপায়ন
চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন
গৰ্ভৱতী মহিলালৈ আৰ্থিক সুৰক্ষা, পুষ্টি আৰু যতন
চাইন অন ডেস্ক,১৭আগষ্ট:
গৰ্ভাৱস্থাত দৈনিক মজুৰিৰ হানিৰ আশংকা দূৰ কৰি চাহ-বাগিচা অঞ্চলৰ মহিলাসকলক উন্নত পুষ্টি আৰু স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ দ্বাৰা ২০১৮ চনৰ ১ অক্টোবৰত ৰাজ্যিক স্বাস্থ্য বাজেটৰ অধীনত “চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি” প্ৰৱৰ্তন কৰা হৈছিল। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা আঁচনিখন নিষ্ঠা আৰু পৰিকল্পনাৰে ৰূপায়ণ কৰাৰ ফলত জিলাৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ মাতৃস্বাস্থ্য আৰু আৰ্থ-সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
এই আঁচনিৰ অধীনত চাহ-বাগিচাৰ যোগ্য প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক প্ৰথম ত্ৰিমাসিকত ৩,০০০ টকা, ষষ্ঠ মাহত ৪,০০০ টকা, প্ৰতিষ্ঠানিক প্ৰসৱত ৪,০০০ টকা আৰু প্ৰসৱৰ ছয় সপ্তাহ 

উল্লেখযোগ্য যে, এই আঁচনিখনৰ সৰ্বাংগীণ ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্য খণ্ডৰ তত্বাৱধানত চাহ বাগিচাসমূহত বেংক একাউণ্ট খোলা অভিযান ৰূপায়ণ কৰা হৈছে। “মাদল অভিযান”ৰ অধীনতো বহু সংখ্যক একাউণ্ট খোলা হৈছে। আনহাতে, বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত বহু গৰ্ভৱতী মহিলাৰ আধাৰ কাৰ্ডৰ অনুপলব্ধতা পৰিলক্ষিত হোৱাত আধাৰ কাৰ্ডৰ অভাৱ দূৰ কৰিবলৈ স্থান বিশেষে আধাৰ নামভৰ্তি অভিযান চলোৱা হৈছে। তথাপি, নথি-পত্ৰৰ অভাৱত একাউণ্ট খুলিব নোৱাৰা পৰিস্থিত কোনো মহিলা যাতে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে স্বামীৰ বৈধ বেংক একাউণ্টলৈ ধনৰাশি প্ৰদানৰ মানৱীয় সংশোধনী আঁচনিখনত অনা হৈছে।
প্ৰণিধানযোগ্য যে, আঁচনিখনৰ বিষয়ে হিতাধিকাৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবেও ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বহুমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে। চাহ বাগিচাসমূহত স্বাস্থ্য কৰ্মীৰ দ্বাৰা নিয়মীয়াকৈ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। চাহ বাগিচা কৰ্তৃপক্ষকো এই সজাগতা সভা সমূহৰ অংশীদাৰ কৰি আচঁনি 
আনহাতে, আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতাৰ সমান্তৰালকৈ নিৰীক্ষণ আৰু তত্বাৱধানৰ কাৰ্যসূচী ক্ষীপ্ৰ কৰা হৈছে। স্বাস্থ্য বিভাগৰ দলৰ দ্বাৰা সময়ে- সময়ে ক্ষেত্ৰ পৰিদৰ্শন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি প্ৰৱন্ধন গোটৰ দ্বাৰা সকলো স্তৰত নিয়মীয়াকৈ পৰ্যালোচনা কৰি আচঁনি খনৰ সফল ৰূপায়নৰ বাবে খণ্ডসমূহক প্ৰয়োজনীয় দিক-নিৰ্দেশনা প্ৰদান কৰা হৈছে। সজাগতা,সময়োপযোগী কাৰ্যপন্হা আৰু সমন্বিত প্ৰচেষ্টাৰ ফলত আজি জিলাখনৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলে মজুৰিৰ সমস্যা বা পুষ্টিৰ অভাৱত ভূগি সুস্থ মাতৃত্ব আৰু সুস্থ সন্তান জন্মৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই। এনেদৰেই ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত “মজুৰি ক্ষতিপূৰণ আঁচনি” খনৰ সফল ৰূপায়ণ চাহ বাগিচাত কৰ্মৰত আৰু চাহ-বাগিচা অঞ্চলৰ গৰ্ভৱতী