...

খোৱাং ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা

Spread the love

খোৱাং ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা

দুজন নিহত, ৫জন আহত

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ খোৱাং ফ্লাই অভাৰত আজি পুৱা সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। য’ত এখন নৈশ বাছে “বল বম”ৰ পৰা উভতি অহা দুখন ব্যক্তিগত বাহনত খুন্দা মাৰে।এই সংঘৰ্ষত দুজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে ৫জন লোক আহত হয়।
বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহতসকল।
আটাইকেইজন লোকে এ এছ ০৬ এ এ ৫৭২৩ আৰু এ এছ ০৬ এইচ ১০৪৯ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ দুখন ব্যক্তিগত বাহনেৰে গৈ থকা অৱস্থাত নৈশ বাছখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত পলায়ন কৰা বুলি জানিব পৰা গৈছে।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *