...

ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জত আই ই‌ ডি বিস্ফোৰণত শ্বহীদ নগাঁৱৰ কামপুৰৰ মহেন্দ্ৰ লস্কৰ

Spread the love

 

 

 

ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জত আই ই‌ ডি বিস্ফোৰণত শ্বহীদ নগাঁৱৰ কামপুৰৰ মহেন্দ্ৰ লস্কৰ

 

 

নগাঁও,১১ অক্টোবৰ :-

ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা শুক্ৰবাৰে নিশা সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত অসমৰ নগাঁও জিলাৰ এজন চি আৰ পি এফ জোৱান শ্বহীদ হয় । ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত সংঘটিত আই ই ডি বিস্ফোৰণটোত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানজন হৈছে নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ । প্ৰাপ্ত বাতৰি‌ মতে বীৰ জোৱানজনে শুকুৰবাৰে নিশা প্ৰায় ১১-১২ জনীয়া ৬০ বেটেলিয়ানৰ দল এটাৰ সৈতে তহল দি আগবাঢ়ি গৈ থাকোঁতেই বিস্ফোৰণটো সংঘটিত হয় বুলি আজি তেওঁৰ কামপুৰৰ বাসগৃহলৈ খবৰ আহে। এই বিস্ফোৰণত জোৱানসকল কেইবাজনো আহত হয় বুলি জানিব পৰা গৈছে । CRPFৰ ৬০ নম্বৰ বেটেলিয়নৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনো কালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাঙি পৰিছে মাতৃ,পত্নী,সন্তানৰ লগতে সমগ্ৰ পৰিয়াল। শ্বহীদগৰাকীৰ বিয়োগৰ খবৰটোৱে তেওঁৰ আপোন গাঁওখনৰ উপৰি সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে,সেই ঠাইত আই ই ডি বিস্ফোৰণ হৈছিল বুলি চিকিৎসাধীন মহেন্দ্ৰ লস্কৰে ফোনযোগ পত্নীক জনাইছিল । কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়তে তেওঁ মৃত্যুক সাৱটি লয়। বৰ্তমান তেওঁৰ মৃতদেহ ৰাঁচীলৈ অনা হৈছে,য’ত মৰণোত্তৰ পৰীক্ষাৰ পিছত চি আৰ পি এফ শিবিৰত তেওঁক চূড়ান্ত চেলুট প্ৰদান কৰাৰ পাছত কাইলৈ পুৱাৰ ভাগত বাসগৃহত আহি পাব বুলি জানিব পৰা গৈছে । বীৰ জোৱান জনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *