দহ বছৰীয়া কনমানিৰ মৃত্যু
চামগুৰিৰ সোণাৰিবালিত শোকাৱহ পথ দুৰ্ঘটনা
চাইন অন ডেস্ক,২৫এপ্ৰিল:
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।উক্ত ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী দহ বছৰীয়া ছোৱালীয়ে।

কণমানি জনী সোণাৰিবালিৰ ছাবিন আহমেদ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা ইনভা বাহন খনৰ নম্বৰ এ আৰ ০১ জে ৮৮৫৫১।
ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিহত কন্যা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।