মানকাচৰত আৰক্ষীৰ বৃহৎ সফলতা
বিপুল পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন আটক
মানকাচৰ,২৫ এপ্ৰিল:
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰিছে এক বৃহৎ সফলতা। জিলাখনৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছুনীমাৰাৰ এইছ এম ৰোডত যোৱানিয়া আৰক্ষীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
গোপন সূত্ৰৰ পম খেদি যোৱা নিশা প্ৰায় ১০:৩০ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বৰ্ডাৰ ডি.এছ.পি. কিশোৰ পাটোৱাৰীৰ নেতৃত্বত মানকাচৰ আৰক্ষীৰ এটা দলে কুছুনীমাৰাত এক তালাচী অভিযান চলাইছিল। এই অভিযান কালত 
অভিযানকাৰী দলটোৱে সৰবৰাহকাৰীটোৰ পৰা
১৪৪০ টা নিচাজাতীয় টেবলেট জব্দ কৰে লগতে
AS-17 K 1571 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে।
আৰক্ষীৰ হাতত আটক হোৱা সৰবৰাহকাৰী জন মানকাচৰ থানাৰ অধীনস্থ ২ নং পূবেৰ গাঁৱৰ আব্দুল বাতেনৰ পুত্ৰ নয়ন আলী বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমান মানকাচৰ আৰক্ষীয়ে ধৃত নয়ন আলীক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।