...

ড° শশীকান্ত শইকীয়াক পুনৰ সভাপতিৰ দায়িত্ব

Spread the love

ড° শশীকান্ত শইকীয়াক পুনৰ সভাপতিৰ দায়িত্ব

 

ডিব্ৰুগড় জিলা ইতিহাস সংকলন সমিতিৰ সাধাৰণ সভা
ইতিহাস অধ্যয়নে এটা জাতিক শক্তিশালী কৰেঃ হেমন্ত ধিং মজুমদাৰ

চাইন অন ডেস্ক,২৫ এপ্রিল:

ইতিহাস অধ্যয়নে এটা জাতিক শক্তিশালী কৰে। অতীত অধ্যয়ন অবিহনে কেতিয়াও ভৱিষ্যত সুন্দৰ নহয়। ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে এইদৰে কয়। ঐতিহ্যমণ্ডিত ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষৰ সভাকক্ষত ২৪ এপ্রিলত অনুষ্ঠিত ডিব্রুগড় জিলা ইতিহাস সংকলন সমিতিৰ সাধাৰণ সভাত উপস্থিত থাকি ৰাষ্ট্ৰীয় মহাসচিবগৰাকীয়ে কয় যে ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে ইতিহাস সঠিক তথ্যৰ ওপৰত লিপিবদ্ধ কৰাৰ প্ৰয়াস চলাই আহিছে। তেওঁ কয় যে আজিৰ সমাজ ব্যৱস্থা, ৰাজনীতি, ধর্ম, সংস্কৃতি হঠাতে গঢ়ি উঠা নাই। ইয়াৰ আঁৰত আছে হাজাৰ হাজাৰ বছৰৰ কৰ্ম বিবর্তন। ইতিহাস অধ্যয়ন কৰিলেহে দেশ, জাতি আৰু ভাষা কেনেকৈ বর্তমান অবস্থা পালেহি তাক জানিব পাৰি। তেওঁ কয় মানুহে অতীতত বহুত ভুল কৰিছে সেই ভুলসমূহ যুদ্ধৰ ফলতে হওঁক বা ভুল নীতিয়ে হওঁক সেই ভুলবোৰ জনা আৰু ভৱিষ্যতে তেনে ভুল নকৰাৰ বাবে ইতিহাস অধ্যয়নে সহায় কৰে। ইতিহাস সংকলন সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি, অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক, ঐতিহাসিক ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ কর্মসূর্য ড° শশীকান্ত শইকীয়াই কয়- ইতিহাসে এটা জাতিক নিজৰ শিপা বা মূলৰ স’তে পৰিচয় কৰাই দিয়ে। পূর্বপুৰুষসকলৰ বীৰত্বৰ কাহিনী, তেওঁলোকৰ ত্যাগ, সংগ্রাম, দেশপ্রেম আদি ইতিহাস অধ্যয়নৰ যোগেদি জানিব পাৰি। তেওঁ কয়- সাহিত্য, স্থাপত্য, বিজ্ঞান আৰু কলাৰ ইতিহাস পঢ়িলে পূৰ্বৰ মানুহৰ চিন্তা, বুদ্ধিমত্তা, দক্ষতা সম্পর্কে জানিব পাৰি আৰু তেনে জ্ঞানে নতুন উদ্ভাবনৰ প্ৰেৰণা যোগায়। অধ্যক্ষ ড° শইকীয়াই কয়- ইতিহাস অধ্যয়নে মানবীয় দৃষ্টিভংগীৰে জীৱনটোক আগুৱাই নিয়াত সহায় কৰে আৰু ভিন্নতাৰ মাজত ঐক্যতা গঢ়ি তোলাত সহায় কৰে। ইতিহাস সংকলন সমিতিৰ গুৱাহাটীৰ সাংগঠনিক সম্পাদক মনোজ কুমাৰ বৰ্মনে কয়- ইতিহাস কেৱল অতীতৰ কাহিনী নহয়, ই হ’ল মানৱ সভ্যতাৰ বিকাশৰ এক দাপোণ। ইতিহাস সংকলন সমিতিৰ গুৱাহাটীৰ জুবি শর্মাই কয়- ইতিহাস হ’ল মানব জাতিৰ অভিজ্ঞতাৰ ভাণ্ডাৰ। সাধাৰণ সভাত উপস্থিত থাকি ভাস্কৰ নাথে কয়- ডিব্রুগড় জিলা সমিতিখনে পৰিকল্পনা কৰি আগুৱাই গ’লে সমগ্র দেশতে পৰিচিত হৈ পৰিব। উল্লেখ্য যে, ড’ শশীকান্ত শইকীয়াৰ সভাপতিত্বত অনুস্থিত সভাত অতিথিসকলক ফুলাম গামোচাৰে সম্বর্ধনা জনায়। উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক ড’ জ্যোতি প্রসাদ ফুকনে। ইয়াৰ পাছতেই ড’ শশীকান্ত শইকীয়াক সভাপতি কৰিশ্বা জে. কে. বৈষ্ণবীক সম্পাদক, ড” জ্যোতি প্রসাদ ফুকনক উপ-সভাপতি, পূজা ভট্টাচার্যক সাংগঠনিক সম্পাদক, ভাস্বতী গগৈ, স্নিগ্ধা বৰুৱাক সহকাৰী সম্পাদক, সুবৰণ ভট্টাচার্যক কোষাধ্যক্ষ, ড° ভাৰতী দত্তক লেখক প্রমুখ, মানসী শর্মাক পুৰাণ অন্তর্গত ইতিহাস প্রমুখ, হৰজিন্দৰ সিং আৰু অতনু কোঁৱৰক সামাজিক মাধ্যম প্রমুখ, চন্দন মজুমদাৰ, বিতৃমণি ফুকনক বিদ্বত প্রমুখ, মিতালী বৰকাকতিক জ্যেষ্ঠ ইতিহাস প্রমুখ, জ্যোতি প্রসাদ কানে আৰু অমৃত কেডিয়াক সংৰক্ষক প্রমুখ, ড’ চয়নিকা গোস্বামীক মহিলা ইতিহাস প্রমুখ, দেৱজিৎ শইকীয়াক যুৱ ইতিহাস প্রমুখ হিচাপে লৈ দুবছৰীয়া অর্থাৎ ২০২৬-২৮ বৰ্ষৰ বাবে এখন শক্তিশালী ডিব্রুগড় জিলা সমিতি গঠন কৰা হয়। উল্লেখ্য যে, অধ্যক্ষ ড° শশীকান্ত শইকীয়াক দ্বিতীয়টো কার্যকালৰ বাবে সভাই পুনৰবাৰ সভাপতিৰ দায়িত্ব অর্পণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *