...

ৰেডক্ৰছ ছ’চাইটি, ডিব্ৰুগড়ৰ উদ্যোগত মহাদেৱপুৰত ৰক্তদান শিবিৰ অনুষ্ঠিত

ৰেডক্ৰছ ছ’চাইটি, ডিব্ৰুগড়ৰ উদ্যোগত মহাদেৱপুৰত ৰক্তদান শিবিৰ অনুষ্ঠিত

 

চাইন অন ডেস্ক,১৮মে’:

ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ ডিব্ৰুগড় জিলা শাখাই নামচাই জিলাৰ মহাদেৱপুৰত ১৭ মে’ত এক স্বেচ্ছাই ৰক্তদান শিবিৰ আয়োজন কৰে। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই অঞ্চলটো ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দূৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ এটা অগ্ৰণী বেচৰকাৰী সংস্থা ALAYA (All Lekang Area Youth Association)-এ নিজৰ অঞ্চলত স্বেচ্ছাই ৰক্তদান শিবিৰ আৰু সজাগতা সভা আয়োজনৰ বাবে ৰেডক্ৰছ ছ’চাইটি, ডিব্ৰুগড় শাখাক অনুৰোধ জনোৱাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, ALAYA আৰু মাৰোৱাৰী আৰোগ্য চিকিৎসালয়ৰ সহযোগত এই ৰক্তদান শিবিৰ আয়োজন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত স্বেচ্ছাই ৰক্তদানৰ গুৰুত্ব আৰু মানৱ জীৱন ৰক্ষাত ইয়াৰ অপৰিহাৰ্য ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টি কৰা।অনুষ্ঠানৰ আৰম্ভণিতে ALAYA-ৰ সাংস্কৃতিক সম্পাদক দিবাকৰ নেওগে উপস্থিত সকলো অতিথি আৰু বিশিষ্ট ব্যক্তিক আদৰণি জনায়। উপস্থিত অতিথিসকলৰ ভিতৰত মহাদেৱপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টাবিন পাডুং, ALAYA-ৰ সভাপতি ডেনী মৰাণ আৰু সম্পাদক ৰূপম সোণোৱালৰ লগতে ৰেডক্ৰছ চ’ছাইটিৰ সভাপতি ড০ পংকজ কুমাৰ শ্ৰুতিকৰ, সম্পাদক অনুজ কুমাৰ বৰুৱা, পি. কে. দেৱ গোস্বামী, সহকাৰী সম্পাদক সমীৰ কুমাৰ শৰ্মা আৰু বিৰিঞ্চি গগৈ উপস্থিত থাকে।ইয়াৰ পিছতে এখন সম্বৰ্ধনা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত ভাষণ প্ৰদান কৰি ALAYA-ৰ সভাপতি ডেনী মৰাণে কয় যে, এই ৰক্তদান কাৰ্যসূচীয়ে ভৱিষ্যতে দুই চুবুৰীয়া ৰাজ্যৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বন্ধন অধিক সুদৃঢ় কৰিব।ৰেডক্ৰছ চ’ছাইটিৰ সভাপতি ড০ পংকজ কুমাৰ শ্ৰুতিকৰে স্বেচ্ছাই ৰক্তদানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কয় যে, ALAYA-ৰ পৰা লাভ কৰা এই অনুৰোধত তেওঁলোক অত্যন্ত সন্তুষ্ট, কিয়নো ৰাজ্যৰ বাহিৰত এইটোই প্ৰথমবাৰৰ বাবে আয়োজিত শিবিৰ। তেওঁ লগতে আশা প্ৰকাশ কৰে যে, এই কাৰ্যসূচীয়ে অঞ্চলটোৰ বহু লোকক আগন্তুক দিনত এনে মানৱীয় আৰু মহৎ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মুঠ ২৭ গৰাকী স্বেচ্ছাসেৱকে ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰে যদিও তাৰে ১৬ জনৰ পৰা সফলভাৱে ৰক্ত সংগ্ৰহ কৰা হয়।ৰক্তদাতা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *