ৰামধেনু শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন
চাইন অন ডেস্ক:
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় বঙাল গাঁৱৰ ‘ৰামধেনু শতদল শাখা সাহিত্য সভায়ো পহিলা বহাগৰ দিনটো ‘নিজৰ দিন’ হিচাপে পালন কৰে৷ সেই উপলক্ষে শাখা সমিতিৰ তৰফৰ পৰা বাণীপুৰ-বঙালগাঁও অঞ্চলৰ দহগৰাকীকৈ সত্তৰোৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰদান কৰা একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু বান্ধৈ
কৃষিপামৰ তৰফৰ পৰা যোগান ধৰা একোটিকৈ বকুল ফুলৰ পুলি আগবঢ়োৱা হয়৷ সম্বৰ্ধিত ব্যক্তিকেইগৰাকী হৈছে – প্ৰকাশ গগৈ, দিলীপ কানু, চেনীবালা শইকীয়া, গণেশ বড়ো, মামনি শৰ্মা, দিলীপ চাংমাই, সূৰ্য্য ডেকা, নিৰ্মল মেচ, দম্ভি মেচ আৰু ৰত্নেশ্বৰ ফুকন৷
ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি ভূষণজ্যোতি সন্দিকৈ, সম্পাদক অনিল প্ৰসাদ সিং, কাৰ্যকৰী সভাপতি ৰঞ্জিত মেচ আৰু উপসভাপতি ৰত্নেশ্বৰ ফুকনে বয়োজ্যেষ্ঠ
ব্যক্তিকেইগৰাকীৰ ঘৰে ঘৰে গৈ বিহুৰ ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰ আৰু গছপুলি প্ৰদান কৰি ‘নিজৰ দিন’ উদযাপন কৰে৷