...

ডিব্ৰুগড়ত বিশিষ্ট সমাজ সেৱিকা,গান্ধীবাদী নেত্ৰী, লেখিকা দেৱবালা হাজৰিকাক স্মৰণ

ডিব্ৰুগড়ত বিশিষ্ট সমাজ সেৱিকা,গান্ধীবাদী নেত্ৰী, লেখিকা দেৱবালা হাজৰিকাক স্মৰণ

“দেৱবালা হাজৰিকাৰ কলমেৰে” গ্ৰন্থ উন্মোচন

চাইন অন ডেস্ক,১৯জুলাইঃ

ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি জিলাখনৰ এগৰাকী বিশিষ্টা গান্ধীবাদী নেত্ৰী, সমাজসেৱিকা তথা , অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দেৱেন্দ্ৰ নাথ হাজৰিকাৰ সহধৰ্মিণী প্ৰয়াত দেৱবালা হাজৰিকাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ লগতে তেখেতৰ অপ্ৰকাশিত লেখাসমূহ একত্ৰিত কৰি প্ৰস্তুত কৰা “দেৱবালা হাজৰিকাৰ কলমেৰে” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় | গ্ৰন্থখন উন্মোচন কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে | ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত),ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, টেঙাখাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কিৰণ বৰা, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষনজ্যোতি সন্দিকৈ,মহিলা সমিতিৰ সভানেত্ৰী দিপালী শইকীয়া ,লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী ৰেণু ফুকন,ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা খাউণ্ড, দেৱবালা হাজৰীকাৰ পুত্ৰ কৰুণা হজৰিকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট সাংবাদিক, লেখক যাদৱ গগৈয়ে | দেৱবালা হাজৰিকাৰ নাতিনী ভক্তিমালা চৌধাৰীয়ে আদৰণি ভাষণ আগবঢ়াই সকলোকে অনুষ্ঠানলৈ আদৰণি জনোৱাৰ লগতে প্ৰকাশিত গ্ৰন্থখনৰ প্ৰকাশৰ আঁৰৰ বিষয়ে চমু বিৱৰণ দিয়ে | সভাখনত বক্তব্য ৰাখি ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত),ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই প্ৰয়াত লেখিকাগৰাকীক স্মৰণ কৰাৰ লগতে সকলোকে নিজৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি কাম কৰাটো উচিত বুলি মন্তব্য প্ৰকাশ কৰে | সাহিত্য থাকিলেহে ভাষাটোৰ মহত্ব থাকিব বুলিও তেখেতে মন্তব্য প্ৰকাশ কৰে | আনহাতে সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভূষণজ্যোতি সন্দিকৈয়ে দেৱবালা হাজৰিকাৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে | দেৱবালা হাজৰিকাই সমাজৰ, বিশেষকৈ গ্ৰাম্য সমাজৰ মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে হাতে কামে লাগি কাম কৰিছিল বুলি মন্তব্য ৰাখি নিৰ্দিষ্ট বক্তাজনে কয় যে স্বাধীনতাৰ পূৰ্বেই এখন গাঁৱৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি সকলোকে শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰা দেৱবালা হাজৰিকা প্ৰকৃতাৰ্থতে এগৰাকী বিদুষী আৰু মহীয়সী নাৰী আছিল | ৰেডিঅ’ৰ অনুষ্ঠানৰ জড়িয়তেও তেখেতে নাৰী সৱলীকৰণ আৰু লোক সংস্কৃতিৰ বিষয়ে বহুতো মূল্যৱান অৱদান আগবঢ়াই থৈ গৈছে বুলি ভূষণজ্যোতি সন্দিকৈয়ে মন্তব্য প্ৰকাশ কৰে।আনহাতে “দেৱবালা হাজৰিকাৰ কলমেৰে” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ৰখা বক্তব্যত মুখ্য অতিথি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে দেৱবালা হাজৰিকাক এগৰাকী সুব্যক্তিত্বসম্পন্না ব্যক্তি হিচাপে উল্লেখ কৰে | বিয়াৰ আগতে শিৱসাগৰত আৰু পাছলৈ ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাত দেৱবালা হাজৰিকাই কৰা প্ৰয়াসক স্মৰণ কৰি তেখেতে কয় যে দেৱবালা হাজৰিকাৰ দৰে মহীয়সী নাৰীসকলৰ বাবেহে আমাৰ প্ৰজন্মৰ মাজত শিক্ষাৰ প্ৰভাৱ বৃদ্ধি পোৱাতো সম্ভৱপৰ হৈছে | আনহাতে সাহিত্যচৰ্চাৰ জড়িয়তে দেৱবালা হাজৰিকাই সমাজৰ বিভিন্ন স্তৰৰ ঘটনাপ্ৰৱাহক উপস্থাপন কৰিবলৈ কৰা প্ৰয়াস আজি উন্মোচন কৰা গ্ৰন্থখনত পৰিস্ফুত হৈছে বুলি তেওঁ মন্তব্য কৰে | উল্লেখ্য যে “দেৱবালা হাজৰিকাৰ কলমেৰে” শীৰ্ষক গ্ৰন্থখনত লেখিকাগৰাকীৰ পূৰ্বে অপ্ৰকাশিত লেখাসমূহক চাৰিটা শিতানত একত্ৰিত কৰি প্ৰকাশ কৰা হৈছে | মুঠ ১০৫ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে দেৱবালা হাজৰিকাৰ নাতি-নাতিনীসকলে |অনুষ্ঠানটোত জাগ্ৰত জ্যোতি হাজৰিকাই বৰগীত, প্রদিপ্তা হাজৰিকাই সত্ৰীয়া নৃত্য পৰিবেশন কৰা অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তি সকলে দেৱৱালা হাজৰিকা প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পন কৰে।এই অনুষ্ঠানটোত বহু সংখ্যক গণ্য মান্য ব্যক্তিৰ লগতে দেৱৱালা হাজৰিকাৰ সান্নিধ্য লাভ কৰা বহু কেইগৰাকী ব্যক্তি উপস্থিত থকা লগতে পৰিয়ালৰ তৰফৰ পৰা তেখেতসকলক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানটোত নাতি জোঁৱাই দিব্যজ্যোতি শৰ্মাই উক্ত অনুষ্ঠানটো আঁত ধৰে আৰু পো নাতি ত্ৰলোক্য হাজৰিকাই নিৰ্মাণ কৰি উলিওৱা এখন তথ্য চিত্ৰও প্ৰদৰ্শন কৰা হয়।ভতিজা কুশল হাজৰিকাই শলাগ জ্ঞাপনৰ জৰিয়তে অনুষ্ঠানটো সামৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *