...

নীলিম চৌধুৰী সোঁৱৰণী অনুষ্ঠান

নীলিম চৌধুৰী সোঁৱৰণী অনুষ্ঠান

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত

চাইন অন ডেস্ক,১৯জুলাইঃ

সোণালী জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১০ আৰু ১১ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী স্মৃতিচাৰণ অনুষ্ঠান। কালি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ আলোচনা সভাত এই অনুষ্ঠানৰ সামগ্ৰিক কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানৰ অংশস্বৰূপে ৰাজ্যখনৰ সংবাদ জগতৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ তিনিটা সন্মানীয় সাংবাদিকতা বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবে ঘোষণা কৰা অনুসৰি, চলিত বৰ্ষৰ সন্মানীয় ‘প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা’ৰ বাবে লখিমপুৰৰ ‘DY365’-ৰ জ্যেষ্ঠ সাংবাদিক কৰুণা কৃষ্ণ নাথ, জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ সৌজন্যত আগবঢ়োৱা ‘অনুসন্ধানমূলক সাংবাদিকতা বঁটা’ৰ বাবে তিনিচুকীয়াৰ ‘দৈনিক জনমভূমি’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰণৱ ফুকন আৰু ‘প্ৰয়াত সাংবাদিক সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা’ৰ বাবে ‘দ্য চেন্টিনেল’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ অভিক চক্ৰৱৰ্তীক নিৰ্বাচিত কৰা হয়। ইফালে
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি অহা ১০ আগষ্টত এখন বিশেষ সাংবাদিক কৰ্মশালা আৰু বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত দেশ তথা ৰাজ্যৰ বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট নিবন্ধকাৰ সুশান্ত তালুকদাৰে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। এইবাৰৰ নীলিম চৌধুৰী সোঁৱৰণী আলোচনা চক্ৰৰ মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে— ‘সাম্প্ৰতিক অসমৰ সাংবাদিকতাঃ আশা আৰু প্ৰত্যাশা’। ইয়াৰ পিছৰ দিনা অৰ্থাৎ ১১ আগষ্টত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হ’ব।ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই দুদিনীয়া কাৰ্যসূচীত ডিব্ৰুগড়বাসী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *