ডিব্ৰুগড়ত জ্যোতি মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উদযাপন
বুবুল কোঁৱৰ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত
চাইন অন ডেস্ক,১৯ জুলাই:

উদ্বোধনী ভাষণত তেওঁ কয়, “এটা শিশুৰ মন এখন সুন্দৰ বাগিচাৰ দৰেই। সেই বাগিচাত যদি সঠিক সময়ত শিক্ষা, সাহিত্য, সংস্কৃতি, সংগীত আৰু নৈতিক মূল্যবোধৰ বীজ সিঁচা যায়, তেন্তে ভৱিষ্যতে সেই শিশুৱেই সমাজ আৰু জাতিৰ গৌৰৱস্বৰূপ নাগৰিক হিচাপে গঢ় লৈ উঠিব।” তেওঁ জ্যোতি মইনা পাৰিজাতে বিগত ২৫ বছৰে শিশু-কিশোৰসকলৰ সৰ্বাংগীন বিকাশৰ বাবে নিষ্ঠাৰে কাম কৰি অহাৰ বাবে সংগঠনটোক আন্তৰিক অভিনন্দন জনায়।
শিশুসকলক উদ্দেশ্যি তেওঁ কয়, “সৰু বুলি কোনো মানুহ বা কোনো বস্তু নাই। ডাঙৰ হয় মানুহৰ সপোন, পৰিশ্ৰম আৰু ভাল মন।” তেওঁ শিশুসকলক আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই কয় যে, আজিৰ এই মঞ্চত যি সাহসেৰে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে, সেই সাহসেই এদিন জীৱনৰ বৃহৎ মঞ্চত সফলতাৰ পথ প্ৰশস্ত কৰিব।
তেওঁ লগতে উল্লেখ কৰে, “জয়ী হোৱা মানুহে কেতিয়াও চেষ্টা এৰি নিদিয়ে, আৰু চেষ্টা কৰা মানুহ কেতিয়াও প্ৰকৃত অৰ্থত পৰাজিত নহয়।” সুস্থ সংস্কৃতিয়েই এখন সুস্থ সমাজ গঢ়ি তোলে বুলি উল্লেখ কৰি তেওঁ 
জ্যোতি মইনা পাৰিজাতৰ সম্পাদক উত্তম দত্তই আঁত ধৰা অনুষ্ঠানত সভাপতি ৰেখা প্ৰসাদ সিংকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে, ৰূপালী জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু সৃষ্টিশীল বিকাশৰ উদ্দেশ্যে জুবিন গাৰ্গৰ গীত, বিয়ানাম, সাধুকথা, ভেশচন, বক্তৃতা, তৰ্ক, সৃষ্টিমূলক নৃত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। মইনা পাৰিজাত ডিব্ৰুগড় আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন শাখাৰ প্ৰতিযোগীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাংস্কৃতিক সন্ধিয়াত কেইবাশতাধিক শিশুৱে সংগীত, নৃত্য, অভিনয় আদি বিভিন্ন পৰিৱেশনৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উজ্জ্বল প্ৰকাশ ঘটাই অনুষ্ঠানটোক এক বৰ্ণাঢ্য ৰূপ প্ৰদান কৰে।
আনহাতে, ৰূপালী জয়ন্তী উদযাপনৰ অন্তিম দিনা কণ-কণ শিশু মইনা, অভিভাৱক-অভিভাৱিকা আৰু সংগঠনটোৰ বিভিন্ন শাখাৰ সদস্যসকলৰ অংশগ্ৰহণেৰে উলিওৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে। ঐতিহ্যবাহী সাজ-পোছাক, গীত-নৃত্য আৰু বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশনেৰে সজীৱ হৈ পৰা এই শোভাযাত্ৰাই ডিব্ৰুগড় চহৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।