...

ওদালগুৰিৰ মাজুলী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি!

ওদালগুৰিৰ মাজুলী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি!

বাগিছাৰ যুৱতীক, মেনেজাৰে যৌন আতিশয্য চলোৱাৰ অভিযোগ

ডিমাকুছি,২০জুলাই:

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত মাজুলী চাহ বাগিছাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাক সৃষ্টি কৰিছে । মাজুলী চাহ বাগিছাৰ উপ-পৰিচালক (ডেপুটি মেনেজাৰ) ইমতিয়াজ ৰহমানৰ বিৰুদ্ধে দুগৰাকী যুৱতীক যৌন আতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাই শ্ৰমিক সমাজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ভুক্তভোগী যুৱতী দুগৰাকী, দুয়ো বাগানৰ মেনেজাৰৰ বাংলোত কৰ্মৰত আছিল। অভিযোগ অনুসৰি কেইদিনমান পূৰ্বে এগৰাকী যুৱতীক যৌন আতিশয্য চলোৱাৰ পিছত মেনেজাৰৰ বাংলোৰত কৰ্মৰ পৰা বিৰতি লয় , পুনৰ আন এগৰাকী যুৱতীক কামৰ চলেৰে বাংলোলৈ মাতি নি ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমানে বিগত কিছুদিন ধৰি যুৱতী দুগৰাকীৰ ওপৰত নিৰন্তৰ যৌন নিৰ্যাতন চলাই আহিছিল। শনিবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিছতে ডেপুটি মেনেজাৰৰ ওপৰত সামাজিক বিচাৰ অনুষ্ঠিত কৰে । বিচাৰত যুৱতী দুগৰাকীয়ে অমান্তি হোৱাৰ পিছতেই দেওবাৰে মাজুলী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে শ্ৰমিকসকলৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা , চাহ মজদুৰ সংঘৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
ঘটনাৰ পিছতে প্ৰায় সহস্ৰাধিক চাহ শ্ৰমিক আৰু বিভিন্ন দল-সংগঠনৰ লোক একত্ৰিত হৈ মাজুলী চাহ বাগিচাৰ ফেক্টৰী চৌহদ ঘেৰাও কৰে । উত্তেজিত জনতাই অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হোৱাত তৎক্ষণাৎ ঘটনাস্থলীত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) নয়নমণি বৰ্মন, পানেৰী আৰু হৰিশিঙা আৰক্ষী থানাৰ দল উপস্থিত হয়।আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি কিছু পৰিমাণে শান্ত হয় যদিও শ্ৰমিকসকলে অভিযুক্ত ডেপুটি মেনেজাৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী জনায়। উল্লেখযোগ্য যে ৰাইজৰ মতে ইমতিয়াজ ৰহমানে দুগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰে যদিও আৰক্ষীৰ সুত্ৰই এগৰাকী বুলি প্ৰকাশ কৰে। বৰ্তমান আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযুক্ত ইমতিয়াজ ৰহমানক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই এতিয়াও সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *