...

বদলা ৰাঙ্গাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

বদলা ৰাঙ্গাপানী উপ স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

অনিয়মৰ অভিযোগ.তদন্তৰ দাবী ৰাইজৰ

নগৰবেৰা,৮আগষ্ট:

কামৰূপৰ ছমৰীয়া সমষ্টিৰ বদলা-ৰাঙ্গাপানী বজাৰ উপ স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি- অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।অভিযোগ অনুসৰি, উপ স্বাস্থ্য কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আৱণ্টন দিছিল ৫২ লাখকৈ টকা |পিছে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে মিলি অতি নিম্নমানৰ বালি, ইটা, চিমেণ্ট আদি সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ।ফলত কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই গৃহৰ বিভিন্ন অংশত খহি পৰা, ফাট মেলা আদিও অভিযোগত উল্লেখ |বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে শীঘ্ৰে তদন্তৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *