...

ডিব্ৰুগড়ৰ ছেইণ্ট জেভিয়াৰছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ মহানিমৰ পুলি বিতৰণ

ডিব্ৰুগড়ৰ ছেইণ্ট জেভিয়াৰছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ মহানিমৰ পুলি বিতৰণ

 

চাইন অন ডেস্ক,৮আগষ্ট:

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ষ্টে ফিট্ যোগা চেণ্টাৰৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ ছেইণ্ট জেভিয়াৰছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ মহানিমৰ পুলি বিতৰণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰে পৰা আজিলৈকে প্ৰায় ১৬০০ মহানিমৰ পুলি ৰোপণ কৰা হয়। মহানিমৰ পুলি ৰোপণৰ ধাৰাবাহিকতা ৰক্ষা কৰি আৰু প্ৰায় ৭০০০ (সাত হাজাৰ) পুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰি আজি ডিব্ৰুগড়ৰ ছেইণ্ট জেভিয়াৰছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰায় ৮০০ (আঠ) শ পুলি বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান ৰাহুল মুন্দাই ও মহানিমৰ উপকাৰিতাৰ কথা উল্লেখ কৰে আৰু ষ্টে ফিট্ যোগা চেণ্টাৰৰ সঞ্চালকক তেওঁৰ এই কামৰ শলাগ লয় । মহানিমকে ৰোপণৰ বাবে কিয় বাছি লোৱা হ’ল তাৰ উত্তৰত ষ্টে ফিট্ যোগা চেণ্টাৰৰ সঞ্চালক জগদীশ ভৰালীয়ে কয় যে মহানিম হ’ল এক ঔষধি গছ । ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন ঘটিছে সেয়ে আমি প্ৰত্যেকেই এজোপা মহানিমৰ পুলি ৰোপণ আৰু প্ৰতিপালন কৰা অতিকৈ জৰুৰী । আমি প্ৰত্যেকেই যদি এজোপা কৈ মহানিম ৰোপণ আৰু প্ৰতিপালন কৰো তেতিয়াহে আমি পৰিৱেশ সংৰক্ষণ কৰিব পাৰিম । জলবায়ুৰ পৰিৱৰ্তন ৰ বাবে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ হ’বলৈ ধৰিছে। শিৱসাগৰ যি বানপানীৰ সৃষ্টি হ’ল সেয়া ও জলবায়ুৰ পৰিৱৰ্তনৰেই ফল । যোগ প্ৰশিক্ষক জগদীশ ভৰালী কয় যে আমি যোগৰ জৰিয়তে সুস্থ থকাৰ লগতে সুখাদ্য ও যিদৰে প্ৰয়োজনীয় ঠিক সেইদৰে আমাৰ পৰিবেশেও আমাৰ দৈনন্দিন জীৱনত বহুত প্ৰভাৱ আছে। সেয়ে আমি প্ৰত্যেকেই এজোপা কৈ মহানিম পুলি ৰোপণ আৰু প্ৰতিপালন কৰি এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰোঁহক।

Leave a Reply

Your email address will not be published. Required fields are marked *