...

‘মানুহে মানুহৰ বাবে’ অনুষ্ঠানত ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মান

‘মানুহে মানুহৰ বাবে’ অনুষ্ঠানত ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মান

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰুতি শিল্পী সমাজৰ বিশেষ অনুষ্ঠান; ‘মই আহিছোঁ’ স্মৃতিগ্ৰন্থ উন্মোচন

চাইন অন ডেস্ক,৯আগষ্ট:

বিশ্ববিশ্ৰুত শিল্পী তথা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড়ৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে শনিবাৰে ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক এক বিশেষ সন্মান অনুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় হানুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সক্ৰিয় সহযোগত মহাবিদ্যালয়খনৰ লালচান্দ কানৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত সমাজসেৱা, মানৱসেৱা, শিক্ষা, চিকিৎসা, ফটোগ্ৰাফী আৰু উদ্যোগিতাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে সন্মানিত ব্যক্তি আৰু অতিথিসকলক গায়ন-বায়ন, বিহু নৃত্য, এনচিচি কেডেট আৰু ঝুমুৰ নৃত্য-গীতেৰে মূল সভাগৃহলৈ আদৰি অনা হয়। শেহতীয়াকৈ উজনি অসমত সংঘটিত ভয়াৱহ বানত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি অনুষ্ঠানৰ আৰম্ভণিতে এক মিনিট মৌনতা পালন কৰা হয়।

ইয়াৰ পিছত আকাশবাণীৰ শিল্পী ভুৱন গগৈৰ পৰিচালনাত মূৰ্চ্ছনা সংগীত বিদ্যালয়ৰ কণমানি শিল্পীসকলে ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰে।

ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, সমৰ হাজৰিকা আৰু ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

শ্ৰুতি শিল্পী সমাজৰ সভাপতি ড০ নৱজ্যোতি গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশিষ্ট অতিথি হিচাপে প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ ড০ শান্তনু লাহকৰ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, বিশিষ্ট কবি তথা চিকিৎসক ড০ প্ৰণয় ফুকন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে।

অনুষ্ঠানত সংগীত শিল্পী হীৰেন গগৈ, পানীতোলাৰ যন্ত্ৰ বিজ্ঞানী সুৰেণ বৰুৱা, জ্যোতি বৰগোহাঁই, সুনীল ৰাজকোঁৱৰ, সমাজসেৱী পৱন জৈন, শৰৎ চন্দ্ৰ নেওগ, ঝৰ্ণা শইকীয়া, তৰুণ চন্দ্ৰ গগৈ, চৰ্দাৰ গুৰদীপ সিং, শৈলেন্দ্ৰ কুমাৰ দত্ত, চান্দ গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি আৰু কানৈ মহাবিদ্যালয়ৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

ছয়গৰাকী বিশিষ্ট ব্যক্তিক সন্মান

অনুষ্ঠানত প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ড০ হেমচন্দ্ৰ কলিতাক সমাজ জীৱনলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ‘মানৱতা বঁটা’ প্ৰদান কৰা হয়। আনহাতে বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ড০ ৰীণা দত্ত আহমেদক চিকিৎসা আৰু মানৱসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ‘মানৱ সেৱা বঁটা’ৰে সন্মানিত কৰা হয়।

ডিব্ৰুগড়ত কেইবাখনো শিক্ষানুষ্ঠান স্থাপনৰ জৰিয়তে শিক্ষা বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পদ্মশ্ৰী তথা বিশিষ্ট সমাজসেৱী হনুমানবক্স কানৈক মৰণোত্তৰভাৱে ‘জীৱনজৰীয়া সাধনা বঁটা’ প্ৰদান কৰা হয়। তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে নাতি তথা সমাজসেৱী জ্যোতি প্ৰসাদ কানৈয়ে।

বিশিষ্ট দানবীৰ তথা সমাজসেৱী চিএ জ্যোতি প্ৰসাদ কানৈক সমাজৰ প্ৰতি আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ‘সমাজ ৰত্ন’ উপাধিৰে সন্মানিত কৰা হয়।

ডিব্ৰুগড়ৰ বানীপুৰস্থিত টি চিটি ফটোগ্ৰাফী একাডেমীৰ প্ৰতিষ্ঠাপক ড০ দেৱাশীষ গগৈক ফটোগ্ৰাফীৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদান আৰু উজনি অসমৰ প্ৰথমগৰাকী ফটোগ্ৰাফী ডক্টৰেটধাৰী হিচাপে সন্মানিত কৰা হয়।

তিনিচুকীয়াৰ এন চি ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী তথা যুৱ উদ্যোগী নৱজ্যোতি গগৈক নিজ নিজ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য সাফল্যৰ বাবে ‘Shrutis Achievers Award 2026’ প্ৰদান কৰা হয়।

সন্মানিত ব্যক্তিসকলক ফুলাম গামোচা, চেলেং, জাপি, প্ৰশস্তি-পত্ৰ, ড০ ভূপেন হাজৰিকাৰ অৰ্ধমূৰ্তি, সন্মানিত ব্যক্তিৰ চিত্ৰ, শ্ৰুতি শিল্পী সমাজৰ স্মাৰক, কৃতজ্ঞতা-পত্ৰ আৰু আকৰ্ষণীয় স্মৃতিচিহ্ন প্ৰদান কৰা হয়।

‘মই আহিছোঁ’ স্মৃতিগ্ৰন্থ উন্মোচন

অনুষ্ঠানৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী আছিল বিশিষ্ট কবি তথা চিকিৎসক ড০ প্ৰণয় ফুকনৰ সম্পাদনাত প্ৰকাশিত ‘মই আহিছোঁ’ শীৰ্ষক স্মৃতিগ্ৰন্থৰ উন্মোচন। প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ ড০ শান্তনু লাহকৰে স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশিত এই স্মৃতিগ্ৰন্থখনত তেওঁৰ জীৱন, কৰ্ম, ব্যক্তিত্ব আৰু মানৱতাবাদী চিন্তাধাৰাক স্মৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। স্মৃতিগ্ৰন্থখনত লেখা আগবঢ়োৱা লেখকসকলৰ লগতে শ্ৰুতি শিল্পী সমাজৰ সৈতে জড়িত শুভাকাংক্ষীসকলকো অনুষ্ঠানত বিশেষভাৱে সন্মানিত কৰা হয়।

অনুষ্ঠানৰ সামৰণিত এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। বিভিন্ন শিল্পীয়ে সংগীত, নৃত্য আৰু সাংস্কৃতিক পৰিৱেশনেৰে উপস্থিত দৰ্শকক আপ্লুত কৰে।

সমগ্ৰ অনুষ্ঠানটোৱে ড০ ভূপেন হাজৰিকাৰ কালজয়ী মানৱতাবাদী বাণী ‘মানুহে মানুহৰ বাবে’ক সামাজিক দায়বদ্ধতা, সহমৰ্মিতা আৰু মানৱসেৱাৰ সৈতে সংযোগ কৰি তেওঁৰ আদৰ্শক আগুৱাই নিয়াৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *