বৰবৰুৱাৰ ঘূৰণীয়া বাগিচাত কলা ধোঁৱাই বিপদাপন্ন কৰিছে জনজীৱন
কলাধোৱাঁত আক্ৰান্ত ছাত্ৰ ছাত্ৰী চিকিৎসালয়ত ভৰ্তি!
চাইন অন ডেস্ক,৩জুলাই:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ ঘূৰণীয়া চাহ বাগিচাত এক ক'লা ধোৱাঁৰ অস্বাস্থ্যকৰ ভয়াৱহ পৰিস্থিতিয়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বৰবৰুৱাৰ ঘূৰণীয়া বাগিচাখনৰ নিচেই কাষতে থকা এটা উদ্যোগৰ চিমনিৰ পৰা নিৰ্গত হোৱা বিষাক্ত ক'লা ধোঁৱাই সমগ্র অঞ্চলটোৰ আকাশ-বতাহ প্ৰদূষিত কৰাৰ বাবে সমগ্ৰ ঘূৰণীয়াৰ উপৰিও নিকটৱৰ্তী গাওঁ সমূহৰ জনস্বাস্থ্য ৰ প্ৰতি এক প্ৰকাৰৰ ভাবুকি স্বৰূপ হৈ পৰিছে বুলি স্থানীয় ঘূৰণীয়া অঞ্চলৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ্য যে উক্ত কাৰখানাটোৰ পৰা মাত্র৫০ মিটাৰ দূৰত্বত থকা বাগিচাৰ চিকিৎসালয় আৰু প্রায় ১০০-১৫০ মিটাৰ দূৰত্বত থকা প্রাথমিক বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবেও অনাহক প্ৰদূষণৰ সম্মুখীন হ'ব লগীয়া হৈছে বুলি উক্ত বিদ্যালয়ৰ শিক্ষক সকলে জানিবলৈ দিছে। বৰ্তমান মৃত্যুৰ উপত্যকাত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কালি পুৱা নির্গত হোৱা ধোঁৱাই বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু চিকিৎসালয়ৰ কেবিনসমূহ সম্পূৰ্ণৰূপে আৱৰি ধৰাত ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে শ্বাস-প্রশ্বাস লোৱাটোও অসম্ভৱ হৈ পৰিছে। বিশেষকৈ পৰীক্ষা চলি থকাৰ মাজতে কেই বাগৰাকীও শিশু শিক্ষার্থীয়ে বমি আৰু উশাহ লোৱাত কষ্ট পাই চিকিৎসালয়ত ভর্তি হ'বলগীয়া হৈছে। আনহাতে,
চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ অৱস্থাও ধোঁৱাৰ প্রকোপত দ্রুতগতিত অৱনতি ঘটিছে। এখন ঘনবসতিপূর্ণ এলেকাত কোনোধৰণৰ জনশুনানি বা পৰিৱেশ জৰীপনকৰাকৈ কেনেকৈ এনে উদ্যোগ স্থাপনৰ অনুমতি দিয়া হ’ল, তাক লৈ এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। স্থানীয় সচেতন মহলে অভিযোগ উত্থাপন কৰি কয় যেপ্ৰশাসনৰ একাংশ বিষয়াৰ সৈতে ‘মেনেজ’ কৰি সকলো আইন-কানুনক ভেঙুচালি কৰি আৱাসিক এলেকাৰ কাষতে এই কাৰখানা চলাই থকা হৈছে। ইতিমধ্যে
এই ভয়াৱহ পৰিস্থিতিৰ বিৰুদ্ধে বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে প্রতিবাদ সাব্যস্ত কৰি কাৰখানাটো শীঘ্ৰে স্থানান্তৰ কৰাৰ দাবী জনাইছে। নিষ্পাপ শিশু আৰু ৰুগীয়া শ্ৰমিকসকলৰ জীৱন ৰক্ষাৰ স্বার্থত জিলা প্রশাসনে যদি অতি সোনকালে কোনো বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেনেহ’লে অনাগত দিনত এক জংগী গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি স্থানীয় ৰাইজে হুংকাৰ প্ৰদান কৰে। বৰ্তমান সমগ্ৰ ঘূৰণীয়া চাহ বাগিচা অঞ্চলত এক গভীৰ উদ্বেগময় পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় বৃহত্তৰ ঘূৰণীয়া অঞ্চলৰ ৰাইজৰ লগতে ঘূৰণীয়া প্ৰাথমিক বিদ্যালযৰ পৰিচালনা সমিতিয়ে এইক্ষেত্ৰত ডিব্ৰুগড় জিলাৰ আয়ুক্তক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
৫০ মিটাৰ দূৰত্বত থকা বাগিচাৰ চিকিৎসালয় আৰু প্রায় ১০০-১৫০ মিটাৰ দূৰত্বত থকা প্রাথমিক বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবেও অনাহক প্ৰদূষণৰ সম্মুখীন হ'ব লগীয়া হৈছে বুলি
উক্ত বিদ্যালয়ৰ শিক্ষক সকলে জানিবলৈ দিছে। বৰ্তমান মৃত্যুৰ উপত্যকাত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কালি পুৱা নির্গত হোৱা ধোঁৱাই বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু চিকিৎসালয়ৰ
কেবিনসমূহ সম্পূৰ্ণৰূপে আৱৰি ধৰাত ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে শ্বাস-প্রশ্বাস লোৱাটোও অসম্ভৱ হৈ পৰিছে। বিশেষকৈ পৰীক্ষা চলি থকাৰ মাজতে কেই বাগৰাকীও শিশু শিক্ষার্থীয়ে বমি আৰু
উশাহ লোৱাত কষ্ট পাই চিকিৎসালয়ত ভর্তি হ'বলগীয়া হৈছে। আনহাতে,