...

ই-ফাৰ্মাচীৰ বিৰুদ্ধে ডিব্ৰুগড়ত ফাৰ্মাচী বন্ধৰ ব্যাপক প্ৰভাৱ

ই-ফাৰ্মাচীৰ বিৰুদ্ধে ডিব্ৰুগড়ত ফাৰ্মাচী বন্ধৰ ব্যাপক প্ৰভাৱ

দুই সংগঠনৰ মাজত সংঘাত, উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড় জিলাত ৩৫০ খনৰো অধিক ঔষধালয় বন্ধ

চাইন অন ডেস্ক,২০ মে’:

অনলাইন ই-ফাৰ্মাচীৰ বিৰুদ্ধে আৰু চিকিৎসকৰ বৈধ প্ৰেচক্ৰিপশ্যন অবিহনে ইণ্টাৰনেটৰ জৰিয়তে গ্ৰাহকক ঔষধ যোগান ধৰাৰ কাৰ্যৰ প্ৰতিবাদত অল ইণ্ডিয়া কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েশ্যনৰ আহ্বানত আজি ৰাজ্যজুৰি ফাৰ্মাচী বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই দেশজোৰা বন্ধ ডিব্ৰুগড় জিলাতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। জিলাখনৰ ৩৫০ খনৰো অধিক পঞ্জীয়নভুক্ত ফাৰ্মাচীয়ে আজি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি এই প্ৰতিবাদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। অৱশ্যে জৰুৰীকালীন অৱস্থাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত একোখনকৈ নিৰ্দিষ্ট ফাৰ্মাচী খোলা ৰখাৰ ব্যৱস্থা কৰা হয়। আনহাতে বন্ধ কাৰ্যসূচীৰ মাজতে আজি ডিব্ৰুগড়ৰ আৰ কে বি পথত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, ডিব্ৰুগড় মেডিচিন ডিলাৰ এছ’ছিয়েশ্যন আৰু অন্য এটা ঔষধ ব্যৱসায়ী সংগঠনৰ মাজত দোকান খোলা আৰু বন্ধ ৰখাক লৈ তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে। বন্ধৰ সমৰ্থনকাৰীসকলে ই-ফাৰ্মাচীৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে, আনটো সংগঠনে এই বন্ধৰ নীতিগত বিৰোধিতা কৰে আৰু ই-ফাৰ্মাচীক সমৰ্থন নকৰিলেও দোকান খোলা ৰখাৰ সপক্ষে যুক্তি দৰ্শায়। ইয়াৰ ফলত আৰ কে বি পথত দীৰ্ঘসময় ধৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত ডিব্ৰুগড় মেডিচিন ডিলাৰ এছ’ছিয়েশ্যনৰ সম্পাদক আহটছামুদ্দিন আহমেদে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কয়, ‘যোৱা ২০২২ চনৰে পৰা অনলাইন স্পোৰিয়াছ ড্ৰাগছ বা নকল ঔষধ যোগান ধৰাৰ এই ভয়ংকৰ খেলখন চলি আছে। এই ই-ফাৰ্মাচীবোৰে ড্ৰাগছ এক্টৰ কোনো নীতি-নিয়ম মনা নাই। আজিকালি ভুৱা এ.আই. জেনেৰেটেড প্ৰেচক্ৰিপশ্যন দেখুৱাই ইণ্টাৰনেটৰ জৰিয়তে ঔষধ অনা হৈছে। যাৰ ফলত হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ যুৱক-যুৱতীসকলে অতি সহজে বিভিন্ন নিচাজাতীয় ঔষধ লাভ কৰিছে।’ তেওঁ লগতে কয় যে ফিজিকেল ফাৰ্মাচীবোৰে ঔষধ বিক্ৰীৰ সময়ত প্ৰেচক্ৰিপশ্যন পৰীক্ষা কৰে, কিন্তু অনলাইন ব্যৱস্থাত কোনো নিয়ন্ত্ৰণ নথকাৰ বাবে সমাজখন লাহে লাহে নিচাৰ গৰাহত পৰিছে। দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ঔষধ আহে, কিন্তু তেওঁলোকৰ মূল হাব ক’ত, কোনেও একো গম নাপায়। আনহাতে, সংগঠনটোৰ সভাপতি বিশ্ব বৰাই কৰ্প’ৰেট গোষ্ঠীসমূহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘ভাৰত চৰকাৰে ২০২৩ চনতে এই ই-ফাৰ্মাচীবোৰক নীতি উলংঘাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিছিল, কিন্তু তেওঁলোকে কোনো সঁহাৰি নিদিলে। ড্ৰাগছ এক্ট অনুসৰি কোনো পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট অবিহনে এন্টিবায়োটিক বা নিচাজাতীয় ঔষধ বিক্ৰী কৰিব নোৱাৰে। চৰকাৰে যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযান চলাইছে, তেনে সময়ত ই-ফাৰ্মাচিয়ে ঘৰে ঘৰে ঔষধ যোগান ধৰিলে এই অভিযান কেনেকৈ সফল হ’ব?’ ইফালে একাংশ বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ ফাৰ্মাচীয়ে ১৮%ৰ পৰা ২৫% পৰ্যন্ত দি থকা ৰেহাই সন্দৰ্ভত প্ৰশ্ন উথাপন কৰি সভাপতিগৰাকীয়ে কয়, ‘কোম্পানীয়ে হোলচেলাৰক কেৱল ১০% মাৰ্জিন দিয়ে, তেন্তে এওঁলোকে ২০-২৫% ৰেহাই ক’ৰ পৰা দিছে? ইয়াৰ অৰ্থ অতি স্পষ্ট— এওঁলোকে নকল ঔষধ অথবা ম্যাদ ওকলিবলৈ ধৰা ঔষধ বিক্ৰী কৰি মানুহৰ জীৱনৰ সৈতে হেতালি খেলিছে। তেওঁলোকে কোনো মানি ৰিচিপ্ট বা সঠিক বেটচ নম্বৰ থকা বিল গ্ৰাহকক নিদিয়ে।’ ডিব্ৰুগড় মেডিচিন ডিলাৰ এছ’ছিয়েশ্যনে ড্ৰাগছ কণ্ট্ৰ’ল বিভাগ, স্থানীয় ড্ৰাগছ ইনস্পেক্টৰ আৰু ডিব্ৰুগড়ৰ জিলা প্ৰশাসনক অতি শীঘ্ৰে এনে ধৰণৰ ৰেহাই মূল্যত ঔষধ বিক্ৰী কৰা দোকানসমূহত নিয়মীয়া তালাচী চলাবলৈ আহ্বান জনাইছে। উক্ত দোকানসমূহৰ ক্ৰয়ৰ বিল, চিচিটিভি ফুটেজ আৰু দোকানত প্ৰকৃত পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট উপস্থিত আছে নে নাই, তাৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰিছে। অন্যথা অনাগত দিনত এই আন্দোলন আৰু অধিক তীব্ৰতৰ হ’ব বুলি সংস্থাই সকীয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *