অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁই ডিব্ৰুগড়ত
ডিব্ৰুগড় জিলাৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সভা অনুষ্ঠিত
চাইন অন ডেস্ক,২জুলাই:
ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন উচ্চস্তৰীয় জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।সভাখনত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতি আৰু উন্নয়নমূলক কাম-কাজৰ বিতং পৰ্যালোচনা কৰে। সভাত মূলতঃ পঞ্চায়ত আৰু
গ্ৰাম্য উন্নয়ন, জলসম্পদ (বিশেষকৈ বান প্ৰস্তুতি আৰু প্ৰশমন ব্যৱস্থা), লোক নিৰ্মাণ (গৃহ), লোক নিৰ্মাণ (পথ), শিক্ষা, কৃষি, সমাজ কল্যাণ, এ এছ আৰ এল এম, এ পি ডি চি এল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, আবকাৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, পশুপালন আৰু পশু চিকিৎসা, বন, স্বাস্থ্য আৰু পৰিয়াল
কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰ আৰু ৰেচম বিভাগকে ধৰি বিভিন্ন বিভাগৰ কাৰ্যক্ষমতা আৰু প্ৰকল্পসমূহৰ স্থিতিৰ ওপৰত আলোচনা কৰা হয়।সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সঠিকভাৱে লাভ কৰে, তাৰ বাবে বিভাগসমূহৰ মাজত
আন্তঃবিভাগীয় সমন্বয় বৃদ্ধি কৰিবলৈ গুৰুত্ব আৰোপ কৰে। লগতে, বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি সুদৃঢ় কৰাৰ লগতে ৰাজহুৱা সেৱা প্ৰদানত স্বচ্ছতা আৰু জবাবদিহিতা বজাই ৰাখি ডিব্ৰুগড় জিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ সকলো বিষয়া-কৰ্মচাৰীক আহ্বান জনায়।উক্ত সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া; ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা; ডিব্ৰুগড়ৰ বিধায়ক তথা ডিব্ৰুগড় দ্বিতীয় ৰাজ্যিক
ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত ফুকন; নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ; চাবুৱা-লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপু ডেকা, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, সকলো সম জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে।
Like this:
Like Loading...