...

‘মই কেৱল এজনী সাধাৰণ পাহাৰীয়া গাঁৱলীয়া মহিলা’

‘মই কেৱল এজনী সাধাৰণ পাহাৰীয়া গাঁৱলীয়া মহিলা’

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মঞ্চত আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস

চাইন অন ডেস্ক,১জুলাইঃ

“মই কেৱল এজনী সাধাৰণ পাহাৰীয়া গাঁৱলীয়া মহিলা। কাৰ্বি আংলঙৰ বননিৰ মাজত লুকাই থকা এপাহি ফুলৰ দৰেই মোৰ জীৱন। কিন্তু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে মহান প্ৰতিষ্ঠানৰ মঞ্চত থিয় হ’বলৈ পোৱাটো মোৰ বাবে এক সপোনৰ দৰে। এই পদ্মশ্ৰী বঁটা মোৰ নহয়, এই বঁটা আপোনালোকৰ মৰম আৰু চেনেহৰ ফচল।” — এই আৱেগঘন বক্তব্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মঞ্চত সকলোকে আপ্লুত কৰে কাৰ্বি আংলঙৰ পদ্মশ্ৰী তথা জনপ্ৰিয় লোকশিল্পী পখিলা লেকথেপিয়ে।বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পখিলা লেকথেপিয়ে নিজৰ জীৱনসংগ্ৰাম, সংস্কৃতি আৰু পৰিচয়ৰ ওপৰত গভীৰ অনুভৱেৰে ভৰা ভাষণ আগবঢ়াই উপস্থিত সকলোকে আৱেগাপ্লুত কৰি তোলে।
ভাষণত তেওঁ কয়— “মই পাহাৰৰ মাজত লুকাই থকা এপাহি ফুলৰ দৰেই মোৰ জীৱন।” এই কথাৰে তেওঁ নিজৰ সাধাৰণ জীৱনযাত্ৰা, সংগ্ৰাম আৰু সমাজৰ মাজত আগবাঢ়ি অহাৰ কাহিনী বৰ্ণনা কৰে। শৈশৱৰ অভিজ্ঞতা, পাহাৰীয়া জীৱনৰ বাস্তৱতা আৰু পৰম্পৰাগত সংস্কৃতিৰ মূল্যবোধৰ কথা স্মৰণ কৰি তেওঁ নতুন প্ৰজন্মক নিজৰ শিপা, ভাষা আৰু সংস্কৃতি জীয়াই ৰখাৰ আহ্বান জনায়।
নিজৰ শিল্পীজীৱনৰ আৰম্ভণিৰ কথা সুঁৱৰি তেওঁ উল্লেখ কৰে যে, কোনো প্ৰতিষ্ঠানিক সংগীত শিক্ষা অবিহনেই কেৱল পিতৃ-মাতৃৰ উৎসাহ, স্বাভাৱিক প্ৰতিভা আৰু আকাশবাণীত শুনা গীতৰ প্ৰেৰণাৰে তেওঁ সংগীতৰ পথত আগবাঢ়িছিল। ১৯৭৪ চনত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাক তেওঁ জীৱনৰ এক স্মৰণীয় অধ্যায় বুলি উল্লেখ কৰে। পিছলৈ আকাশবাণী গুৱাহাটীৰ জৰিয়তে নিজৰ কণ্ঠ দেশবাসীৰ মাজলৈ লৈ যোৱাৰ যাত্ৰাই তেওঁৰ শিল্পীসত্তাক এক নতুন পৰিচয় প্ৰদান কৰে।
পখিলা লেকথেপিয়ে কয় যে সফলতা অৰ্জন কৰিবলৈ অধ্যৱসায়, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। বিশেষকৈ শিক্ষাৰ জৰিয়তে সমাজৰ উন্নয়ন আৰু মহিলাসকলৰ আত্মনির্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ শিক্ষাৰ্থীসকলক জীৱনত ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে।
নতুন প্ৰজন্মক উদ্দেশ্যি তেওঁ কয়— “আমাৰ ঠাইখনৰ পৰা ইমানবোৰ ল’ৰা-ছোৱালীয়ে উচ্চ স্থান লাভ কৰা দেখাটো গৌৰৱৰ কথা। তোমালোকে যি শিক্ষা লৈ গৈছা, সেই আদৰ্শ সাৰোগত কৰি সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি যাবা। তোমালোকৰ উন্নতিয়েই আমাৰ গৌৰৱ।”
অনুষ্ঠানৰ এক আৱেগঘন মুহূৰ্তত তেওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি জুবিনৰ বাবে লিখা এটা গীতৰ এটি কলি গাই শ্ৰোতাসকলৰ মাজত এক গভীৰ আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।
তেওঁ নিজৰ শৈশৱৰ অভিজ্ঞতা, পাহাৰীয়া জীৱনৰ বাস্তৱতা আৰু পৰম্পৰাগত সংস্কৃতিৰ মূল্যবোধৰ কথা স্মৰণ কৰি নতুন প্ৰজন্মক নিজৰ শিপা, ভাষা আৰু সংস্কৃতি জীয়াই ৰখাৰ আহ্বান জনায়।
তেওঁ কয় যে, সফলতা অৰ্জন কৰিবলৈ অধ্যৱসায়, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। বিশেষকৈ শিক্ষাৰ জৰিয়তে সমাজৰ উন্নয়ন আৰু মহিলাসকলৰ আত্মনির্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ শিক্ষাৰ্থীসকলক জীৱনত ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে।
ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই তেওঁৰ উদ্বোধনী ভাষণত বিশ্ববিদ্যালয় খনে বৰ্তমান অসমতে নহয় সমগ্ৰ বিশ্বত এতিয়া নিজৰ পৰিচয় কেনেকৈ আগুৱাই যাবলৈ সক্ষম হৈছে

তথা প্ৰতিটো বিভাগ আৰু কেন্দ্ৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে।পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে আদৰণি ভাষণত বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান পৰ্যায়ত উপনীত হোৱাৰ ক্ষেত্ৰত জড়িত সকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। জেষ্ঠ প্ৰাধ্যাপিকা নীৰঞ্জনা মহন্তই নিজৰ ভাষণত বিশ্ববিদ্যালয় খনে ক্ৰমাগতভাৱে সাফল্য ধাৰা বিষয়ে চমু বক্তব্য ৰাখে। প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচীতেই পদ্মশ্ৰী পখিলা লেকথেপিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানে কেৱল বিশ্ববিদ্যালয়খনৰ গৌৰৱোজ্জ্বল যাত্ৰাকেই নহয়, বৰঞ্চ এগৰাকী নিৰহংকাৰী শিল্পীৰ জীৱনদৰ্শন, সংগ্ৰাম আৰু সমাজৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাক নতুন প্ৰজন্মৰ সন্মুখত উজ্জ্বলভাৱে দাঙি ধৰিলে। অনুষ্ঠানতে সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে ছাত্ৰ ছাত্ৰী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *