জলসম্পদ মন্ত্ৰীক সাক্ষাৎ বৃহত্তৰ ডিব্ৰুগড় খহনীয়া প্ৰতিৰোধ সমিতিৰ
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকত আঁচনি প্ৰস্তুতিৰ কাম আগবাঢ়িছে: মন্ত্ৰী বৰগোহাঁই
চাইন অন ডেস্ক,১৬ আগষ্ট:
ঐতিহাসিক ডিব্ৰুগড়ক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা প্ৰতিৰোধ কৰিবলৈ আঁচনি প্ৰস্তুত কৰা হৈছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ এই কথা বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ সন্মুখত প্ৰকাশ কৰিছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে৷ কালি ডিব্ৰুগড় আৱৰ্ত ভৱনত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবী জনাই এখন স্মাৰক-পত্ৰ প্ৰতিৰোধ সমিতিয়ে প্ৰদান কৰে জলসম্পদ মন্ত্ৰীজনক৷ সমিতিৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক উদয় শংকৰ মহনৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলৰ সৈতে দীৰ্ঘ সময় ধৰি আলোচনা কৰে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে৷ প্ৰতিনিধি দলটোৱে শেহতীয়া খহনীয়াৰ কথা উদ্বেগ প্ৰকাশ কৰাৰ লগতে জিঅ’ বেগৰ সলনি বল্ডাৰৰ স্পাৰসমূহ শক্তিশালী কৰাৰ লগতে ইয়াৰ গতি-প্ৰকৃতি অধ্যয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়৷ প্ৰতিনিধি দলটোক আশ্বস্ত কৰিবলৈ চেষ্টা কৰে মন্ত্ৰী বৰগোহাঁয়ে কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খহনীয়াক অতি গুৰুত্বসহকাৰে লৈছে৷ তেওঁৰ নিৰ্দেশত জলসম্পদ বিভাগে সম্পূৰ্ণ বিষয়টো অধ্যয়ন কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে এক আঁচনিৰ প্ৰস্তুতি চলাইছে৷ এই আঁচনি বল্ডাৰ ব্যৱহাৰকেই অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ এই বল্ডাৰসমূহ জাগীৰোড অথবা মেঘালয়ৰ পৰা অনাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে৷ যিহেতু ঐতিহাসিক ডিব্ৰুগড়ৰ লগতে হাজাৰ হাজাৰ কোটিটকাৰ অৰ্থনৈতিক আন্তঃগাথনিসমূহ ধবংস হ’বলৈ চৰকাৰে কেতিয়াও নিদিয়ে বুলি উল্লেখ কৰি বৰগোহাঁয়ে কয় যে জলসম্পদৰ অভিযন্তাসকলে বিষয়টোৰ সন্দৰ্ভত নিজৰ সামৰ্থ অনুসৰি নিয়াৰিকৈ দায়িত্ব পালন কৰি আহিছে৷ ডিব্ৰুগড়ৰ খহনীয়া ৰোধৰ ক্ষেত্ৰতো তেওঁলোকে দিনে নিশাই কাম কৰি আছে৷ অৱশ্যে প্ৰতিৰোধ প্ৰকল্প এটা গঢ়ি তুলি ডিব্ৰুগড়বাসীক নিৰাপত্তা প্ৰদান কৰাতো চৰকাৰৰ দায়িত্ব আছে৷ সেই দায়িত্ব মন্ত্ৰীজনে পালন কৰা হ’ব বুলিবৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতিক প্ৰতিশ্ৰুতি প্ৰদান কৰে৷