নগাঁও জিলা চামগুৰি ৰাষ্ট্ৰীয় পতাকাক অপমান
চাইন অন ডেস্ক,১৬আগষ্ট:
চামগুৰিৰ এখন চৰকাৰী বিদ্যালয়ত পুৱা ভাগলৈকে উলমি উলমি থাকিল ৰাষ্ট্ৰীয় পতাকা।চামগুৰিৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত সোনাৰীবালী বালিকা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।পুৱা ভাগতেই স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় পতাকা ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে চামগুৰি আৰক্ষীক।বিদ্যালয় খনত ৰাষ্ট্ৰীয় পতাকা ওলমি থকা অৱস্থাত আৰক্ষীয়ে নমাই আনে পতাকা খন।বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনৰ কৰ্মকাণ্ড দেখি সৰৱ স্থানীয় ৰাইজ।ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।