ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত সঘনাই বিদ্যুত কৰ্তন!
অনিয়মীয়া বিদ্যুত যোগানৰ বিৰুদ্ধে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ
কতৃপক্ষক স্মাৰক পত্ৰ প্ৰদান
চাইন অন ডেস্ক,১৭আগষ্ট:
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ বৰবৰুৱা অঞ্চলত সঘনাই বিদ্যুত কৰ্তন আৰু অনিয়মীয়া বিদ্যুত যোগানে জনজীৱনত প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ জনাই অসম শক্তি কোম্পানী লিমিটেড ৩৩/১১ কে .ভি বিহিয়াটিঙ বিদ্যুত উপকেন্দ্ৰ কতৃপক্ষৰ ওচৰত বিক্ষোভ প্ৰদৰ্শন কৰে।উক্ত দিনাই বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰবৰুৱাৰ পৰা বিহিয়াটিঙৰ বিদ্যুত উপকেন্দ্ৰত সমগ্ৰ বৰবৰুৱা অঞ্চলৰ সঘনাই বিদ্যুত কৰ্তন আৰু অনিয়মীয়া বিদ্যুত যোগানৰ প্ৰতিবাদ জনাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান গ্ৰীষ্মপ্ৰবাহে জনজীৱন বিপৰ্যস্ত কৰি সময়তে সমগ্ৰ বৰবৰুৱা অঞ্চলত সঘনাই বিদ্যুত কৰ্তন আৰু বিদ্যুত যোগান ব্যাহত হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা অধিক দুৰ্বিসহ কৰি তুলিছে ক্ষোভ প্ৰকাশ কৰিছে ।বৃহত্তৰ বৰবৰুৱাৰ বিদ্যুতৰ সমস্যাৰ সমাধানৰ দাবীত বৰবৰুৱা
আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাগৰ চেতিয়া সাধাৰণ সম্পাদক মৌচম গগৈ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ বিহিয়াটিঙৰ বিদ্যুত উপকেন্দ্ৰৰ পৰিচালকক প্ৰদান কৰে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰা উক্ত স্মাৰক পত্ৰ খনত সমগ্ৰ বৰবৰুৱা অঞ্চলত দিনৰ উপৰিও নিশাৰ ভাগতো আগজাননী নিদিয়াকৈ আৰু নিৰ্দ্ধাৰিত সময়সূচী অবিহনে দীৰ্ঘ সময় ধৰি বিদ্যুত কৰ্তন কৰি অহাৰ ফলত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহত জনজীৱন দুৰ্ভোগ ভূগিব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই সঘনাই বিদ্যুত কৰ্তন কৰাৰ ফলত কেৱল দৈনন্দিন জীৱন যাত্ৰাৰ লগতে শিক্ষা,স্বাস্থ্য, বাণিজ্য, ক্ষুদ্ৰ উদ্যোগ,কৃষি, যোগাযোগ, আৰু অন্যান্য সকলো ক্ষেত্ৰৰ স্বাভাৱিক কাৰ্যকলাপৰ ওচৰতো প্ৰভাৱ পেলাইছে বুলিও স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে।অনিয়মীয়া বিদ্যুত যোগানৰ বাবেই ছাত্ৰ ছাত্ৰী সকলৰ পঢ়াশুনা আৰু নিয়মিত অধ্যয়নৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ উপৰিও অবাবতে মূল্যবান সময় অতিবাহিত কৰিব লগীয়া হৈছে।ইয়াৰ উপৰিও বিদ্যুত কৰ্তন কৰাৰ ফলত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহত শিশু,বৃদ্ধ, ৰোগী,আৰু শাৰীৰিক ভাৱে দুৰ্বল ব্যক্তি সকলে অতিকৈ অসহ্যকৰ গৰমত অতীষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে বুলিও বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰা স্মাৰক পত্ৰ খনত অৱগত কৰিছে।সঘনাই বিদ্যুত কৰ্তন কৰাৰ ফলত ঘৰুৱা বৈদ্যুতিক সজুঁলি,পানীৰ পাম্প,শীতলীকৰণ ব্যৱস্থাকে ধৰি বিদ্যুত চালিত ব্যৱস্থাবিলাক অচল হৈ পৰা,বৰবৰুৱাকে আদি কৰি সংশ্লিষ্ট অঞ্চলৰ দোকানী,ব্যৱসায়িক প্ৰতিষ্ঠান, সৰু-বৰ বহুত উদ্যোগ বিদ্যুত যোগানৰ ওপৰত নিৰ্ভৰশীল যদিও সঘনে দীৰ্ঘ সময় ধৰি বিদ্যুত কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়িক কাম কাজ ব্যাহত হৈ পৰাৰ উপৰিও আৰ্থিক ক্ষতিৰ সন্মূখীন হৈ পৰিছে বুলি উল্লেখ কৰিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই লগতে স্মাৰক পত্ৰ খনত বিভাগীয়
কতৃপক্ষই পূৰ্বে জাননী নিদিয়াকৈ বিদ্যুত কৰ্তন কৰা,কাৰিকৰী মেৰামতি ৰক্ষণাবেক্ষণ, লোড শ্বেডিং আদিৰ ক্ষেত্ৰত আগতীয়াকৈ জাননী সংশ্লিষ্ট অঞ্চল সমূহক অৱগত কৰাটো বিভাগীয় কতৃপক্ষক দায়িত্ব যদিও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ক্ষোভ প্রকাশ কৰিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই বৰবৰুৱা অঞ্চলৰ বিদ্যুত ব্যাহত আৰু সঘনাই কৰ্তন সমস্যাটোৰ সামগ্ৰিক পৰ্যালোচনা কৰা,বিদ্যুত যোগান নিয়মীয়াকৰণ, কাৰিকৰী তথা প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ বৰবৰুৱা বিহিয়াটিঙৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৩৩/১১ কে ভি বিহিয়াটিঙ বিদ্যুত উপকেন্দ্ৰৰ পৰিচালকক প্ৰদান কৰা স্মাৰক পত্ৰ খনত বৰবৰুৱাকে ধৰি ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তৰ অঞ্চলত নিয়মীয়া, পৰ্যাপ্ত আৰু নিৰৱচ্ছিন্ন বিদ্যুত যোগান নিশ্চিত কৰা, সঘনাই বিদ্যুত কৰ্তন মূল কাৰণ চিনাক্ত কৰি স্থায়ী সমাধানৰ বাবে জৰুৰীভাৱে পদক্ষেপ গ্ৰহণ, বিদ্যুত পৰিবাহী তাঁৰ, খুটা ,ট্ৰেন্সফাৰ, চাব ষ্টেচন, নিয়মীয়াকৈ পৰিদৰ্শন আৰু প্ৰয়োজনীয় মেৰামতি কৰণ জৰুৰীকালীন মেৰামতিৰ বাবে আগতীয়াকৈ পূৰ্ব জাননী আৰু নিৰ্দ্ধাৰিত সময়সূচী প্ৰদান কৰা ,অত্যাধিক লোড-শ্বেডিং যদি বিদ্যুত কৰ্তন হয় তেন্তে দীৰ্ঘম্যাদী সমাধানৰ পৰিকাঠামোৰ উন্নয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ, বৰ্তমানৰ অতি উৎকট গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগত বিদ্যুত কৰ্তন বন্ধ কৰা,বিদ্যুত যোগান ব্যাহত হোৱা কাৰিকৰী বিসংগতিৰ অভিযোগ সমূহ ক্ষীপ্ৰতাৰে নিস্পত্তি কৰাৰ বাবে সংশ্লিষ্ট অঞ্চলত দ্ৰুত ভাৱে অভিযোগ নিস্পত্তি সক্ৰিয় কৰাৰ পদক্ষেপ লোৱা,দীৰ্ঘ সময় ধৰি বিদ্যুত যোগান ব্যাহত হোৱা অঞ্চলবোৰ চিনাক্ত কৰি বিশেষ পৰ্যবেক্ষন আৰু তদাৰকী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিহিয়াটিঙৰ বিদ্যুত উপকেন্দ্ৰৰ পৰিচালকক প্ৰদান কৰা স্মাৰক পত্ৰ খনত দাবী জনাইছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ খনত আধুনিক জনজীৱনৰ অপৰিহাৰ্য মৌলিক সেৱা হিচাপে বিদ্যুত যোগানৰ পৰা বঞ্চিত কৰি অহাটো কোনো গ্ৰহণযোগ্য নহয় আৰু প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ এনেকুৱা সময়ত সংবেদনশীল আৰু দায়িত্বশীল ভূমিকা পালন কৰাটো সংশ্লিষ্ট বিভাগৰ নৈতিক আৰু প্ৰশাসনিক দায়িত্ব বুলি অভিহিত কৰিছে।আনহাতে স্মাৰক পত্ৰ খনত উল্লেখ কৰা দাবী সমূহ পূৰণ বৰবৰুৱা অঞ্চলকে ধৰি সকলো অঞ্চলত বিদ্যুত যোগান নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনাইছে।