...

ডিব্ৰুগড়ৰ বিচিপিএলত নামঘৰ প্ৰতিষ্ঠা দিৱস পালন

Spread the love

ডিব্ৰুগড়ৰ বিচিপিএলত নামঘৰ প্ৰতিষ্ঠা দিৱস পালন

বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ

চাইন অন ডেস্ক:

নামঘৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠিত নামঘৰে অসমীয়া জাতীয় জীৱনৰ এক অমৰ সৃষ্টি সমাজক সংস্কাৰ কৰি গুৰুজনাৰ কৰ্মৰাজিৰে নতুন প্রজন্ম তথা ৰাইজৰ মাজত মহান অৱদানক জীয়াই ৰখাৰ মানসেৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলৰ আৱাসিক সকলে পালন কৰে নামঘৰ প্ৰতিষ্ঠা দিৱস। দেশৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে আহি ডিব্ৰুগড় বিচিপিএলত কৰ্মত নিয়োজিত হৈ নিজৰ ঘৰৰ পৰা বাহিৰত থাকিও-ব্যস্ততাৰ মাজতে বিচিপিএল আৱাসিক নগৰীত ২০২১ চনত কেইগৰাকীমান বৈষ্ণৱৰ মহৎ প্ৰচেষ্টাত প্রতিষ্ঠা কৰা নামঘৰ ভাগিত আজি বিগত বৰ্ষৰ সমূহৰ দৰে বিচিপিএলৰ সমূহ কৰ্মচাৰী ৰাইজ একত্ৰিত হৈ এই অনুষ্ঠান ভাগি ধৰ্মীয় পৰম্পৰা আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰে। ৰাতিপুৱা উষা কীৰ্তনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ধৰ্মধ্বজা উত্তোলন কৰে বিচিপিএলৰ পৰিচালন সঞ্চালক প্রাঞ্জল চাংমাই । নাম প্ৰসংগ,কীৰ্তন পাঠৰ পিছতে শিশু সকলৰ মাজত এখনি বক্তৃতা প্রতিযোগিতাৰ অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰে। গুৰুজনাৰ কৰ্মৰাজি নতুন প্রজন্ম তথা বিভিন্ন ভাষা-ভাষী তথা ৰাইজৰ মাজত প্ৰাণৱন্ত কৰি ৰখাৰ বাবে তেওঁলোকৰ এই ক্ষুদ্র প্রয়াস। আনহাতে নামধৰ্ম প্ৰচাৰৰ উপৰিও হৰিনাম ধৰ্ম, কলা, সাহিত্য, সংস্কৃতিক অসমীয়া মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানভাগিত গুৰুজনাৰ সৃষ্টিৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাই ।গুৰুজনাৰ অৱদানেৰে সমৃদ্ধি হোৱা নামঘৰে অসমীয়া সমাজক জিলিকাই তোলা প্রসংগই সকলোকে আনন্দিত কৰি তুলিছে। অনুষ্ঠানত নামঘৰ সমিতিৰ সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ তালুকদাৰ (ডিজিএম ), নামঘৰ সমিতিৰ সম্পাদক, বিৰাজ তালুকদাৰ, ৰোহিনী কান্ত শৰ্মা (ডিজিএম ), অৰুণজ্যোতি দত্ত (চীফ মেনেজাৰ), ধ্ৰুৱজ্যোতি কলিতা (চীফ মেনেজাৰ) (জ্যেষ্ঠ মেনেজাৰ) প্ৰমুখ্যে শিশু, যুৱক-যুৱতী তথা বৈষ্ণৱ প্ৰাণ ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *