...

শূন্য-নির্গমনযুক্ত জাহাজ চলাচল কৰিড’ৰৰ দিশে ভাৰতৰ অগ্রগতি, সেউজ ইন্ধনৰ বাবে বন্দৰসমূহক ক্ষিপ্ৰতাৰে সুসজ্জিত কৰাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ

শূন্য-নির্গমনযুক্ত জাহাজ চলাচল কৰিড’ৰৰ দিশে ভাৰতৰ অগ্রগতি, সেউজ ইন্ধনৰ বাবে বন্দৰসমূহক ক্ষিপ্ৰতাৰে সুসজ্জিত কৰাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ

কম কার্বনযুক্ত সামুদ্রিক বাণিজ্যত নেতৃত্ব লোৱাৰ লক্ষ্য ভাৰতৰ
“বিশ্বৰ সামুদ্রিক পৰিবহণ খণ্ডত কাৰ্বন নির্গমন হ্ৰাসৰ দিশত ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অধিক শক্তিশালীভাৱে আগবাঢ়িব” : সর্বানন্দ সোণোৱাল

চাইন অন ডেস্ক :

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী শ্রী সর্বানন্দ সোণোৱালে আজি গুৰুগ্ৰামৰ গোৱাল পাহাৰীস্থিত দ্য এনার্জি এণ্ড ৰিছ’চেছ ইনষ্টিটিউট (TERI)-ৰ চৌহদ পৰিদৰ্শন কৰি ভাৰতৰ সামুদ্রিক খণ্ডত কাৰ্বন-নির্গমন হ্ৰাসৰ বাবে গ্ৰহণ কৰা বিভিন্ন সেউজ পদক্ষেপৰ পৰ্যালোচনা কৰে৷ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে গছপুলিও ৰোপণ কৰে৷
এই উপলক্ষে সেউজ বন্দৰ আৰু জাহাজ পৰিবহণৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ (NCoEGPS)ই ইয়াৰ উদ্দেশ্য চলি থকা প্ৰকল্প আৰু ভৱিষ্যৎ
পৰিকল্পনাসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে৷ কেন্দ্ৰটোৱে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ক ভাৰতৰ সামুদ্রিক খণ্ডত কাৰ্বন-নির্গমন হ্ৰাস আৰু সেউজ ৰূপান্তৰ ত্বৰান্বিত কৰাত সহায় কৰি আহিছে৷পৰিদৰ্শনৰ মূল বিষয় আছিল সেউজ জাহাজ চলাচল পথৰ ত্বৰান্বিতকৰণ আৰু বিকল্প ইন্ধন ব্যৱহাৰৰ বাবে ভাৰতীয় বন্দৰসমূহক সুসজ্জিত কৰি তোলা৷ পৰিৱেশ-অনুকূল সামুদ্রিক বাণিজ্যৰ এক বিশ্বজনীন প্রাণকেন্দ্র হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷
কেন্দ্রীয় মন্ত্রী শ্রী সর্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে এই পৰিৱৰ্তনত সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সংকল্পবদ্ধ৷ আমাৰ বন্দৰসমূহ ভৱিষ্যতৰ ইন্ধনৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত হ’ব লাগিব আৰু এই লক্ষ্য দ্ৰুতগতিত বাস্তৱায়িত কৰাত TERI-ৰ দৰে প্ৰতিষ্ঠানসমূহ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ৷”
ৰকি মাউণ্টেইন ইনষ্টিটিউট (RMI)-এ কম আৰু শূন্য-নির্গমনযুক্ত জাহাজ চলাচল পথৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ কাম-কাজ উপস্থাপন
কৰে৷ সামুদ্রিক পৰিবহণ ব্যৱস্থাত পৰিৱেশ-অনুকূল ইন্ধন আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ বিভিন্ন দিশো আলোচনা কৰা হয়৷
দীনদয়াল বন্দৰ প্ৰাধিকৰণ, পাৰাদ্বীপ বন্দৰ প্ৰাধিকৰণ আৰু ভি. অ’. চিদাম্বৰনাৰ বন্দৰ প্ৰাধিকৰণে সেউজ ইন্ধন যোগান কেন্দ্র স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতিৰ উপস্থাপন কৰে৷ বিকল্প আৰু সেউজ সামুদ্রিক ইন্ধনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰা হয়৷
আনহাতে কামৰাজৰ বন্দৰ লিমিটেডে জনায় যে ইয়াৰ কয়লা টার্মিনেলসমূহত পাৰৰ পৰা বিদ্যুৎ যোগান ধৰিব পৰা শ্ব’ৰ পাৱাৰৰ ব্যৱস্থা স্থাপন কৰা হৈছে৷ ইয়াৰ ফলত বন্দৰত ৰৈ থকা জাহাজসমূহে নিজৰ ইঞ্জিন চলাই বিদ্যুৎ উৎপাদন কৰাৰ পৰিৱৰ্তে স্থলভাগৰ পৰা বিদ্যুৎ গ্ৰহণ কৰিব পাৰিব, যাৰ ফলত নির্গমন হ্ৰাস কৰাত সহায় হ’ব৷
শ্ৰী সোণোৱালে লগতে কয়, “আমাৰ কয়লা টার্মিনেলসমূহত শ্ব’ৰ পাৱাৰৰ পৰা সেউজ ইন্ধনৰ বাবে বাংকাৰিং হাবলৈকে আজি পর্যালোচনা কৰা প্ৰতিটো পদক্ষেপেই আমাক অধিক পৰিষ্কাৰ, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যৎমুখী সামুদ্রিক খণ্ডৰ দিশে ক্ষিপ্ৰতাৰে আগুৱাই লৈ গৈছে৷ এয়া এক সামূহিক প্ৰচেষ্টা৷ আমাৰ বন্দৰ, গৱেষণা অংশীদাৰ আৰু সংশ্লিষ্ট উদ্যোগসমূহে একেলগে কাম কৰিলে বিশ্বজুৰি সেউজ জাহাজ পৰিবহণৰ
দিশত চলি থকা পৰিৱৰ্তনত ভাৰতে অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হ’ব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ৷”
অনুষ্ঠানৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, অংশগ্ৰহণকাৰী বন্দৰসমূহৰ প্ৰতিনিধি আৰু বিভিন্ন প্ৰতিষ্ঠানৰ অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰে৷
ভাৰতীয় সামুদ্রিক খণ্ডক অধিক পৰিৱেশ-অনুকূল, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যৎমুখী কৰি তোলাৰ বৃহত্তৰ লক্ষ্যৰ অংশ হিচাপে ভাৰতৰ বন্দৰসমূহত সেউজ জাহাজ চলাচল পথ, বিকল্প ইন্ধন আৰু সেউজ ইন্ধন যোগানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ কাম অধিক ক্ষিপ্ৰ কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *