...

ৰাষ্টীয় পৰিপুষ্টি সপ্তাহ উপলক্ষত ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ জৰীপ আৰু সজাগতা অভিযান

ৰাষ্টীয় পৰিপুষ্টি সপ্তাহ উপলক্ষত ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ জৰীপ আৰু সজাগতা অভিযান

চাইন অন ডেস্ক,৪ছেপ্টেম্বৰঃ

ৰাষ্ট্ৰীয় পৰিপুষ্টি সপ্তাহ উপলক্ষে ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপজ্যোতি ভৰালীৰ উদ্যোগত, উপাধ্যক্ষ অনিৰুদ্ধ দত্ত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সমন্বয়ক ড০ অশ্বিনী মাছেৰ সহযোগত মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰদ্বাৰা মহাবিদ্যালয়ৰ প্ৰতিপালিত নগাখেলীয়া গাৱঁত উদ্ভিদজাত প্ৰ’টিনৰ ওপৰত গুৰুত্ব দি পৰিপুষ্টি সম্পৰ্কে জৰীপ আৰু সজাগতা অভিযান চলোৱা হয়। মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মন্দিৰা বৰঠাকুৰ শইকীয়াই পৰিপুষ্টি অভিযানৰ উদ্দেশ্য ব্যাখা কৰাৰ পাছতে নগাখেলীয়া গাঁৱৰ বিজয় ভূঞা, নিত্যা দত্ত, তুলসী দত্ত, অলি দত্ত আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ হৈ ক্ৰমে অধ্যাপিকা ড০ গীতাঞ্জলী বৰুৱা, নীতিমণি সোনোৱাল আৰু মনীষা জয়চোৱালে সম্বৰ্ধনা জনায়। বিভাগীয় মুৰব্বী অধ্যাপিকা ড০ মন্দিৰা বৰঠাকুৰ শইকীয়াৰ তত্বাৱধানত অধ্যাপিকা আৰু ছাত্ৰীৰ ২৫ জনীয়া দলটোৱে নগাখেলীয়া গাঁৱৰ প্ৰত্যেকৰে ঘৰলৈ গৈ প্ৰথমতে পৰিপুষ্টিৰ ধাৰণা সম্পৰ্কে এক জৰীপ কৰে আৰু গাঁওবাসীৰ মাজত থকা জ্ঞান আৰু ধাৰণাৰ সমান্তৰালকৈ তেওঁলোকৰ নিজৰ বাৰীতে উৎপাদন কৰি বিভিন্ন ফল-মূল আৰু শাক-পাচলিৰ যোগেদি কেনেকৈ শৰীৰত পৰিপুষ্টি সাধন কৰিব পাৰি, প্ৰ’টিনৰ উৎস কেৱল মাছ- মাংস বুলি লৈ থকা ধাৰণাৰ বিপৰীতে মাছ- মাংসৰ অবিহনেও বিভিন্ন ফল-মূল আৰু শাক-পাচলিৰ যোগেদি শৰীৰত কেনেকৈ প্ৰ’টিনৰপ্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি এই বিষয়ত সজাগতা সৃষ্টিৰ লগতে অপুষ্টিত ভোগা লোকৰ দেহত দেখা দিয়া বিভিন্ন ব্যাধিসমূহৰ বিষয়ে অৱগত কৰা হয়। এই জৰীপ আৰু সজাগতা অভিযানত গাঁওবাসীয়ে পূৰ্ণ সহযোগ আগবঢ়ায় আৰু কেইবাগৰাকী ব্যক্তিয়ে এই অভিযানৰ যোগেদি যথেষ্ট উপকৃত হোৱা বুলি মত প্ৰকাশ কৰে। অভিযানত সহায়- সহযোগিতা আগবঢ়োৱাৰ উপৰিও পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কাৰণে সকলো গাওঁবাসীক মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান বিভাগৰ পৰা শলাগ জ্ঞাপন কৰা হয় আৰু পুনৰ এনে জৰীপ আৰু সচেতনতা অভিযান চলোৱা হ’ব বুলি গাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *