...

সৰ্ব্বভাৰতীয় নিট পৰীক্ষাত সফলতা ডিব্ৰুগড়ৰ জিমি জিজ্ঞাসা বৰুৱা

সৰ্ব্বভাৰতীয় নিট পৰীক্ষাত সফলতা ডিব্ৰুগড়ৰ জিমি জিজ্ঞাসা বৰুৱা

চাইন অন ডেস্ক,৪ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ মেধাৱী ছাত্ৰী জিমি জিজ্ঞাসা বৰুৱাই চলিত বৰ্ষৰ সৰ্ব্বভাৰতীয় পর্যায়ত অনুষ্ঠিত নিট পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্রমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰ পাৰিজাত পথ নিবাসী তথা কানৈ মহাবিদ্যালয়ৰ কৰ্মচাৰী ভূৱন জ্যোতি বৰুৱা আৰু ববিতা বৰুৱাৰ জ্যেষ্ঠা কণ্যা জিমি জিজ্ঞাসা বৰুৱা এগৰাকী যশস্বী সত্ৰীয়া নৃত্যশিল্পী আৰু সুকণ্ঠী গায়িকা ৰূপেও পৰিচিত লগতে তেখেতে এগৰাকী সুদক্ষ কাৰাটেকাৰো।
ডিব্ৰুগড়ৰ লিট’ল ফ্লাৱাৰ হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা আৰু ড°ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টচ চায়েঞ্চ এন্ড কমাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ জিমিৰ এই সফলতাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *