...

ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড়ৰ সাংবাদিকৰ হুচৰিয়ে

Spread the love

ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড়ৰ সাংবাদিকৰ হুচৰিয়ে

পুনৰ আৰম্ভ সাংবাদিকৰ হুঁচৰি
কলম- কেমেৰা, ল’গ’ নহয় ! ঢোল, পেপাঁ বাঁহী গগণা লৈ হুঁচৰিত ব্যস্ত সাংবাদিক

চাইন অন ডেস্ক:

অসম আৰু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতি সাহোন বহাগ বিহু মানেই অসমীয়াৰ প্ৰাণ।হাজাৰ দুখ-কষ্ট হলেও,এই বিহুত এপাক ককাল ঘূৰাই নচাৰ সকলোৰে মন থাকে।ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ সাংবাদিক সকল।
দৈনিক ন-ন তথ্যৰে পুৱাৰে পৰা নিশা এপৰলৈ ৰাজ্য তথা দেশ বাসীক প্ৰতিটো মূহুৰ্ত্বৰ বতৰা দি থাকি ২৪ ×৭ দিনেই অত্যন্ত ব্যস্ত হৈ থকা সাংবাদিক সকলে তেঁওলোকৰ
কৰ্ম ব্যস্ততাৰ মাজতে ষষ্ঠদশ বছৰৰ বাবে জুৰিলে হুঁচৰি।পৰম্পৰাগত বিহু নামেৰে,গৃহস্থৰ কুশল মঙ্গল কামনা, আশীৰ্বাদেৰে জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টাত এইবছৰো ডিব্ৰুগড়ৰ সাংবাদিক সকলক দেখা গ’ল সাংবাদিক সকলৰ ঘৰে-ঘৰে পদুলিত হুঁচৰি জোৰাৰ।উল্লেখ যে ডিব্ৰুগড়ৰ সদৰত কৰ্মৰত বিভিন্ন সংবাদ পত্ৰ আৰু সংবাদ মাধ্যমৰ বিভিন্ন জাতি জনগোষ্ঠীয় তথা ধৰ্মাৱলম্বী সকলো সাংবাদিক ঐক্যবদ্ধ হৈ এইদৰে বিগত ১৫ বছৰ ধৰি সাংবাদিক সকলৰ চোতালে চোতালে জুৰি আহিছে হুঁচৰি। সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহু নাম জুৰি সন্ধিয়া হুঁচৰি জোৰিছে সাংবাদিক সকলৰ পদুলিত।একতাৰ এনাজৰী, সংস্কৃতিৰ ভাতৃত্ববোধেৰে ইলেক্ট্ৰিকনিক আৰু প্ৰিণ্ট মিডিয়াৰ জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সমূহ সাংবাদিক এক হৈ ২০১১ চনৰ পৰা ধাৰাবাহিকভাবে সাংবাদিকসকলৰ বাকৰিত হুঁচৰি পৰিবেশন কৰি পৰম্পৰা অব্যাহত ৰাখিছে এনেদৰে। অৱশ্যে বিগত দুটা বছৰত দুজনকৈ জেষ্ঠ সাংবাদিকৰ অকাল মৃত্যু বাবে হুঁচৰি স্থগিত ৰখা হৈছিল যদিও পুনৰ সকলো সাংবাদিকে ককালত তঙালি বান্ধি বিহুত মতলীয়া হৈ পৰিছে। সাংবাদিকৰ হাতত কেমেৰা বা ল’গ’ নহয়,ঢোল-পেঁপা, বাঁহী লৈ সাংবাদিকৰ পদুলিত জুৰা হুচৰিয়ে মুখৰিত কৰি তোলিছে চৌদিশ। সাংবাদিকসকলে নিশা এপৰলৈকে হুঁচৰি গাই সংগৃহীত ধনৰাশি “সাংবাদিক কল্যাণ সমিতি” নামেৰে বেংকৰ একাউন্ট জমা ৰাখি বিভিন্ন সময়ত সাংবাদিকৰ আপদকালীন সময়ত সহায় কৰি আহিছে। ইতিমধ্যেই ভালেকেইজন সাংবাদিকক দুর্ঘটনা আৰু চিকিৎসাৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে।ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ এনে প্ৰচেষ্টা স্বাভাৱিকতে ৰাজ্যৰ সংবাদ মহলত এক নজিৰ সৃষ্টি কৰি আহিছে।সাংবাদিক সকলৰ এনে প্ৰচেষ্টাক ডিব্ৰুগড় বাসীয়ে ভূয়সী প্ৰশংসা কৰা লগতে বিভিন্ন ধৰ্ম,জাতি,জনজাতি মাজত গঢ় লোৱা ভাতৃত্ববোধ আৰু এনাজৰী শিকলি ডাল অক্ষুন্ন ৰখাৰ কামনা কৰিছে ডিব্ৰুগড় বাসীয়ে। আনহাতে হুঁচৰি স্থলীৰ পৰাই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ উপলক্ষে শোকপ্ৰকাশ সকলো সাংবাদিকৰ। হুঁচৰি পৰাই পুনৰ ন্যায় দাবী কৰা লগতে একাংশই জুবিনৰ মহান সৃষ্টিৰাজিক লৈ ভেঙুচালি কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে। উল্লেখ্য যে, সাংবাদিক হুঁচৰি দলটোৰ পদক্ষেপৰ শলাগ লৈ ডিব্ৰুগড় পৌৰ নিগমৰ পাৰিষদ তথা প্ৰাক্তন আছু নেতা বিজু লখিমী হাজৰিকাই এটা বিহুৰ ঢোল আৰু এযোৰ তাল আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *