...

অথলে গ’ল ছল্টৰ অর্ধশতকঃ ৰাহুল-ষ্টাবছৰ দৰ্শনীয় বেটিং

Spread the love

অথলে গ’ল ছল্টৰ অর্ধশতকঃ ৰাহুল-ষ্টাবছৰ দৰ্শনীয় বেটিং

গৃহভূমিতে দিল্লী কেপিটেলছৰ হাতত পৰাজয় আৰচিবিৰ

বেংগালুৰু:

ডিফেন্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক হৰুৱাই চলিত আইপিএলত সম্পূর্ণ পইন্ট অর্জন কৰিলে দিল্লী কেপিটেলছে। বেংগালুৰুত অনুষ্ঠিত মেচখনত দিল্লীয়ে ঘৰুৱা দল আৰচিবিক – এটা বল বাকী থকা অৱস্থাত ৬ উইকেটত পৰাস্ত কৰে। মেচখনত দিল্লীৰ জয়ৰ মূলতে হ’ল লোকেশ ৰাহুল, ট্রিষ্টান ষ্টাবছ আক ভেভিদ মিলাৰৰ দর্শনীয় – বেটিং। আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দলীয় স্ক’ৰ ১৮ ৰানতে তিনিটাকৈ, আগশাৰীৰ উইকেট হেৰুৱাই দিল্লীয়ে বিপদত পৰিছিল যদিও ৰাহুল, – ষ্টাবছ আৰু মিলাৰৰ দর্শনীয় বেটিঙৰ সহায়ত ১৯.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।ৰাহুলে ৫৭ ৰানৰ দর্শনীয় ইনিংছ-খেলাৰ লগতে ষ্টাবছে অপৰাজিতভাৱে ৬০ ৰান কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লয়।

ইফালে মিলাৰে ১০টা বলত অপৰাজিতভাবে ২২ ৰান কৰি দিল্লীক জয়ৰ সোৱাদ দিয়ে। অধিনায়ক অক্ষৰ পেটেলে ২৬ ৰানত ৰিটায়ার্ড হার্ট হয়। অ’পেনাৰ পাথুম নিছানকাই ১, কৰুণ নায়াৰে ৫ আৰু সমীৰ ৰিজভিয়ে মাত্র ২ বান কৰি বিদায় লয়। আৰচিবিৰ হৈ ভুবনেশ্বৰ কুমাৰে সর্বাধিক ৩টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে

প্রথমে বেটিং কৰি অ’পেনাৰ ফিল ছল্টৰ অর্ধশতকৰ সহায়ত বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৫ বান সংগ্রহ কৰে। ছল্টৰ বাহিৰে বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়। টিম ডেভিদে ২৬ ৰানৰ অৰিহণা আগবঢ়ায়। ইফালে বিৰাট কোহলিয়ে ১৯, দেবদূত পাড়িকালে ১৮, অধিনায়ক ৰজত পাটিদাবে ৮ আৰু জীতেশ শর্মাই মাত্র ১৪ ৰানহে কৰে। দিল্লীৰ হৈ লুংগি এনগিৰি, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে আৰচিবিৰ এয়া আছিল দ্বিতীয় পৰাজয়। দলটোৱে এতিয়ালৈকে ৬খন মেচ খেলি ৪খনত জয়লাভকৰি ৮ পইন্টেবে দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে। ইফালে দিল্লীয়ে ৫খন মেচৰ তিনিখনত জয় আৰু দুখনত পৰাস্ত হৈ ৬ পইন্টেৰে পইন্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *